পিতৃ-মাতৃৰে হাঁহে-মাহে এসাঁজ খালে বিধায়ক দিগন্ত কলিতাই - প্ৰাক ভোগালী উদযাপন দিগন্ত কলিতাৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 9, 2022, 6:45 PM IST

Updated : Jan 10, 2022, 6:18 AM IST

মুখ্যমন্ত্ৰীৰ আদেশ আখৰে আখৰে পালন কৰিলে ৰাজ্যিক কৰ্মচাৰী তথা ৰাজনৈতিক নেতাই ৷ ক্ষন্তেকৰ বাবে হ’লেও পিতৃ-মাতৃ তথা শহুৰ-শাহুক সংগ দিয়া পৰিলক্ষিত হ’ল ৰাজ্যিক কৰ্মচাৰী তথা ৰাজনৈতিক নেতাক ৷ বছৰটোৰ পহিলা মাহতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীক প্ৰদান কৰিছিল এক বিশেষ উপহাৰ ৷ এই উপহাৰস্বৰূপে মুখ্যমন্ত্ৰীগৰাকীয়ে পোন প্ৰথমবাৰৰ বাবে ৰূপায়ণ কৰে এক অভিনৱ আঁচনি ৷ এই আঁচনি অনুসৰি মাক-দেউতাক তথা পৰিয়ালৰ সৈতে সময় কটাবলৈ 8 আৰু 9 জানুৱাৰীত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিছিল এক বিশেষ ছুটী ৷ শনিবাৰে নিশা অসম চৰকাৰে চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বাবে নিৰ্ধাৰণ কৰি দিয়া দুদিনীয়া ছুটী ব্যৱহাৰ কৰিলে কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতায়ো (Diganta Kalita spends time with his patents) ৷ শনিবাৰে বিশেষ ছুটী ব্যৱহাৰ কৰি নিজ গৃহত উপস্থিত হ’ল কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়কগৰাকী ৷ ব্যস্ততাৰ মাজতো শনিবাৰে বিধায়ক দিগন্ত কলিতাই শিংৰাৰ নিজ গাঁৱত উপস্থিত হৈ প্ৰাক্ ভোগালীৰ আহাৰ হাঁহে-মাহে পিতৃ-মাতৃৰ সৈতে একেলগে গ্ৰহণ কৰে । বহু দিনৰ মূৰত নিজ হাতেৰে সন্তানক এসাঁজ খুৱাবলৈ পাই আনন্দিত হৈ পৰিল বিধায়ক দিগন্ত কলিতাৰ মাতৃ ৷ আনকি পুত্ৰৰ সৈতে একেলগে বহি মনৰ কথা পাতিবলৈ পাই আনন্দত আত্মহাৰা হৈ পৰিলে বিধায়কগৰাকীৰ পিতৃ-মাতৃ । মুখ্যমন্ত্ৰী গৰাকীৰ এনে যুগন্তকাৰী পদক্ষেপক পিতৃ-মাতৃ তথা বিধায়ক গৰাকীয়েও জনাইছে আদৰণি ।
Last Updated : Jan 10, 2022, 6:18 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.