সৰ্প দংশনত মৃত্যু নলবাৰীৰ জাপি শিল্পীৰ - snake bite case in nalbari
🎬 Watch Now: Feature Video

নলবাৰীত সৰ্প দংশনত এগৰাকী জাপি শিল্পীৰ মৃত্যু হোৱাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে । নলবাৰী জিলাৰ বালা-মুগকুছিত সংঘটিত হৈছে বিষাক্ত সৰ্পৰ দংশনৰ এই ভয়াৱহ দুৰ্ঘটনা ৷ সৰ্প দংশনত মৃত্যু হোৱা শিল্পী গৰাকীৰ নাম মধু বৈশ্য । জানিব পৰা মতে, পথাৰত ঘাঁহ কাটি থকা অৱস্থাতে শিল্পী গৰাকীক দংশন কৰে এক বিষাক্ত সৰ্পই । পৰিয়ালৰ লোকে ততাতৈয়াকৈ তেওঁক নলবাৰী চিভিল হস্পিতালত ভৰ্তি কৰাই যদিও শাৰীৰিক অৱস্থা গুৰুতৰ হোৱাত চিকিৎসকে জি এম চি এইচলৈ প্ৰেৰণ কৰে তেওঁক । চিকিৎসকৰ পৰামৰ্শ মতে, পৰিয়ালৰ লোকে জি এম চি এইচলৈ নিয়ে যদিও আদবাটতে তেওঁৰ মৃত্যু ঘটে । শিল্পীগৰাকীৰ অকাল মৃত্যুত এতিয়া শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত ।