এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫ উদ্বোধনী অনুষ্ঠান Live - ADVANTAGE ASSAM 2
🎬 Watch Now: Feature Video


Published : Feb 25, 2025, 10:55 AM IST
|Updated : Feb 25, 2025, 12:53 PM IST
আজি অৰ্থাৎ মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত হৈছে এডভাণ্টেজ অসম ২.০ । খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় হাস্পতাল খেলপথাৰত অস্থায়ীকৈ নিৰ্মাণ কৰা ব্ৰহ্মপুত্ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে এডভাণ্টেজ অসম ২.০ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উদ্বোধন কৰে এডভাণ্টেজ অসম ২.০ ৷ উদ্বোধনী অনুষ্ঠানত অসমৰ ৰাজ্যপাল, কেন্দ্ৰীয় মন্ত্রী এছ জয়শংকৰৰ নেতৃত্বত অহা ৰাষ্ট্ৰদূতসকল, কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্রী, মেঘালয় আৰু ত্রিপুৰাৰ মুখ্যমন্ত্রী, ভূটানৰ কৃষিমন্ত্রীকে ধৰি দেশৰ বহুকেইগৰাকী শীৰ্ষ উদ্যোগপতিয়ে অংশগ্ৰহণ কৰিছে । তদুপৰি অষ্ট্ৰেলিয়া, দক্ষিণ কোৰিয়া, ছিংগাপুৰ, মালয়েছিয়া, টাইৱান, ইণ্ডোনেছিয়া, থাইলেণ্ড, জাপান আৰু ভূটানৰ বিশেষ বিনিয়োগকাৰী দল উপস্থিত থাকে । ইয়াৰ পূৰ্বে সোমবাৰে নিশা এডভাণ্টেজ অসম ২.০ -ৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যম X ত নিজৰ অভিজ্ঞতা ব্যক্ত কৰে ।
Last Updated : Feb 25, 2025, 12:53 PM IST