গোৱালপাৰা ষ্ট্ৰং ৰূমৰ ঘটনাৰ সৰ্ন্দভত প্ৰতিক্ৰিয়া প্ৰকাশ ড৹ হাফিজ ৰফিকুল ইছলামৰ - ঘটনাস্থলিত
🎬 Watch Now: Feature Video
গোৱালপাৰা ষ্ট্ৰং ৰূমত সন্দেহজনক তিনিগৰাকী লোকক ৰাইজে আটক কৰা ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ তাৰ পিচতে ঘটনাস্থলীত উপস্থিত হৈ ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৷ জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামেও ঘটনাৰ সৰ্ন্দভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে । লগতে বিধায়ক গৰাকীয়ে নিৰ্বাচন আয়োগক নিৰপেক্ষভাৱে দায়িত্ব পালন কৰি তদন্ত কৰিবলৈ আহ্বান জনায় । ইপিনে বিজেপিয়ে যাতে কোনো অসৎ পন্থা অৱলম্বন কৰি জিকিব নোৱাৰে তাৰ বাবে ৰাইজ যথেষ্ট সজাগ হৈছে বুলি মন্তব্য কৰা দেখা যায় বিধায়ক গৰাকীক। ইয়াৰ উপৰিও নিশা 8 পৰা সান্ধ্য আইন প্ৰণয়ন কৰা চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দুই তাৰিখৰ পিচত সান্ধ্য আইন বৃদ্ধি কৰিব লাগিব বুলি মন্তব্য কৰে। লগতে ৰাইজক সজাগ হ’বলৈ আহ্বান জনায় বিধায়ক গৰাকীয়ে ।