৭৭ নং বিহালী বিধানসভা সমষ্টিৰ ভোটাৰৰ মনৰ কথাৰে আজিৰ জনতাৰ কন্ঠ...
🎬 Watch Now: Feature Video
ইটিভি ভাৰতৰ নিৰ্বাচন বিশেষ অনুষ্ঠান "জনতাৰ কণ্ঠ" ৷ এই অনুষ্ঠানৰ জৰিয়তে আমি খবৰ ল'ম অসমৰ প্ৰতিটো সমষ্টিৰ ভোটাৰৰ ৷ বিগত 5বছৰত সোণোৱাল চৰকাৰৰ কাৰ্যকালত ৰাইজ কিমান সন্তুষ্ট আৰু কিমান অসন্তুষ্ট,ৰাইজৰ আশা-আকাংক্ষাএই সকলোবোৰ পুংখানুপুংখভাৱে বিশ্লেষণ কৰাৰ চেষ্টা চলাম এই অনুষ্ঠানৰ দ্বাৰা ৷ ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ বিধায়ক হ’ল বিজেপি মিত্ৰজোঁট চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত ৷ ২০১৬ৰ বিধানসভা নিৰ্বাচনত মন্ত্ৰী ৰঞ্জিত দত্তই কংগ্ৰেছৰ প্ৰাৰ্থী ৰূপক শৰ্মাক পৰাজয় কৰি ৫২ হাজাৰৰো অধিক ভোট লাভ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু চৰকাৰৰ খন অতি গুৰুত্বপূৰ্ণ বিভাগ ৰেচম, হস্ততাঁত বস্ত্ৰ শিল্প আৰু সংখ্যালঘু দপ্তৰৰ দায়িত্বত থাকি মন্ত্ৰীগৰাকীয়ে নিজ সমষ্টিৰ মহিলাসকলৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিলে তথা বিগত পাঁচ বছৰে সমষ্টিবাসীয়ে বিধায়কগৰাকীৰ পৰা কি পালে কি নাপালে, তাৰেই এক পৰ্যালোচনা ৷ চাওঁ আঁহক এই প্ৰতিবেদনত...