21’ ৰ নিৰ্বাচনত এখনো আসন নাপায় অগপই : পবিন্দ্ৰ ডেকা

By

Published : Dec 4, 2020, 8:18 PM IST

thumbnail
"অসম গণ পৰিষদৰ তিনিজন মন্ত্ৰী তথা দলটোৰ নেতৃত্বৰ বাবে এতিয়া সৰ্বানন্দ সোণোৱাল আৰু ডঃ হিমন্তবিশ্ব শৰ্মাই হৈছে ভগৱান । আঞ্চলিকতাবাদ, জাতীয়তাবাদ, অসমৰ ৰাইজ এইধৰণৰ শব্দবোৰ আজিৰ তাৰিখত তেওঁলোকৰ বাবে মূল্যহীন । এই সময়ত ধনৰ বলেৰে বলিয়ান হৈ আছে অগপৰ মন্ত্ৰী তিনিজন । সোৱে-বাৱে ধন সম্পত্তি আহৰণ কৰি তেওঁলোকে পাহৰি পেলাইছে বাস্তৱ" ৷ এই তীৰ্যক মন্তব্য অসম গণ পৰিষদৰ বিধায়ক পবিন্দ্ৰ ডেকাৰ । শুকুৰবাৰে ইটিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই বিস্ফোৰণ ঘটাই জ্যেষ্ঠ অগপ নেতাজনে । ২০২১ ৰ বিধানসভা নিৰ্বাচনত অগপই এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ব বুলি মন্তব্য কৰি বিধায়ক ডেকাই আৰু কয় যে অগপ এতিয়া বিজেপিৰ বহতীয়া এটা ৰাজনৈতিক দল আৰু অগপৰ তিনিজন মন্ত্ৰীয়ে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আঞ্চলিকতাবাদক বিজেপিৰ ওচৰত বিক্ৰী কৰিলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.