Inspetor of schools sudden visit in Dibrugarh school : ডিব্ৰুগড়ৰ বিদ্যালয়ত বিদ্যালয়সমূহৰ পৰিদৰ্শিকাৰ ছাডেন ভিজিট

By

Published : Dec 16, 2021, 9:00 PM IST

thumbnail
বৃহস্পতিবাৰে পুৱাই অকস্মাৎ ডিব্ৰুগড় পাব্লিক উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হ'ল জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শিকা দীপিকা চৌধুৰী(School inspetor conducts surprise inspection in Dibrugarh) । বিদ্যালয়খনৰ চাৰিগৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ বিদ্যালয়সমূহৰ পৰিদৰ্শিকাৰ । বিদ্যালয়ত পলমকৈ উপস্থিত হোৱাৰ বাবে চাৰিগৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ এদিনৰ দৰমহা কৰ্তন কৰাৰ নিৰ্দেশ দিলে দীপিকা চৌধুৰীয়ে । শিক্ষক বিশ্বজিৎ বৰবৰুৱা, হিমাদ্ৰী গগৈ, মুছাৰফ আলী আৰু নিলীমা সেনাপতিলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে(Action against Dibrugarh teachers for late coming) । প্ৰশাসনিক কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ অভিযোগত প্ৰধান শিক্ষয়িত্ৰী যমুনা বৰুৱাৰো এদিনৰ দৰমহা কৰ্তনৰ লগতে কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰা হৈছে । দীপিকা চৌধুৰীয়ে জনোৱা মতে, বিগত চাৰি দিন ধৰি বিদ্যালখনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ ওপৰত দৃষ্টি ৰখা হৈছিল বিভাগৰ তৰফৰ পৰা । আজি পঞ্চম দিনা তেওঁ নিজে ডিব্ৰুগড় পাব্লিক উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয়(Inspection in Dibrugarh public high School) । নিতৌ পলমকৈ বিদ্যালয়ত উপস্থিত হোৱাৰ লগতে একাংশ শিক্ষক-শিক্ষয়িত্ৰীয়ে বিদ্যালয় ছুটীৰ পূৰ্বেই বিদ্যালয় এৰাৰো অভিযোগ উত্থাপিত হৈছে । ভৱিষ্যতে এনে ধৰণৰ দায়িত্বহীন কাৰ্য সংঘটিত কৰিলে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰো সকীয়নি দিয়ে বিদ্যালয়সমূহৰ পৰিদৰ্শিকা দীপিকা চৌধুৰীয়ে ।

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.