thumbnail

By

Published : Sep 30, 2021, 10:37 PM IST

ETV Bharat / Videos

ৰঙিয়াত শতাধিক বঞ্চিত শিল্পীৰ অভিনৱ প্ৰতিবাদ

ক'ভিডসৃষ্ট পৰিৱেশৰ গ্ৰাসত পৰি পানীত হাঁহ নচৰা অৱস্থা হৈছে ৰাজ্যৰ শিল্পী সমাজৰ ৷ একমাত্ৰ উপাৰ্জনৰ পথটো বন্ধ হৈ থকাৰ বাবে এতিয়া গভীৰ অৰ্থ সংকটত পৰিছে সৰু-বৰ শিল্পী সকল ৷ ইয়াৰ মাজতে বঞ্চিত শিল্পী সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে ৰঙিয়াত শতাধিক বঞ্চিত শিল্পীয়ে সাব্যস্ত কৰিলে অভিনৱ প্ৰতিবাদ ৷ গভীৰ আৰ্থিক সংকটত ভোগা শিল্পী সকলে সাংস্কৃতিক অনুষ্ঠান কৰা অনুমতি প্ৰদান কৰাৰ দাবীত গীত-মাতে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদস্থলীতে এটি গীতো ৰচনা কৰে বঞ্চিত শিল্পী সকলে ৷ বৰ্তমান ক'ভিডৰ পৰিবেশ উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সাংস্কৃতিক অনুষ্ঠানৰ অনুমতি প্ৰদান কৰাৰ বাবে চৰকাৰক দাবী জনাইছে শিল্পী সকলে ৷ ইফালে স্বচ্ছ সাংস্কৃতিক নীতি গ্ৰহণ কৰাৰ পৰিবৰ্তে মুষ্টিমেয় একাংশক এককালীন সাহাৰ্য প্ৰদান কৰাকলৈ প্ৰতিবাদী শিল্পী সকলে আক্ষেপ প্ৰকাশ কৰে ৷ উল্লেখ্য যে, চৰকাৰী কাৰ্যসূচীত কেইগৰাকীমান শিল্পীক সাংস্কৃতিক অনুষ্ঠান কৰিবলৈ দিয়া হৈছে যদিও অন্যান্য শিল্পী সকলক সাংস্কৃতিক অনুষ্ঠানৰ অনুমতি প্ৰদান কৰা নাই ৷ শীঘ্ৰে এনেধৰণৰ বৈষম্যমূলক নীতি পৰিহাৰ কৰি এক সুস্থ আৰু স্বচ্ছ সাংস্কৃতিক নীতি গ্ৰহণ কৰি শিল্পী সকলক সকাহ দিবলৈ আহ্বান জনাইছে শিল্পী সকলে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত শিল্পী পেঞ্চনাৰ নৰেন শৰ্মা, জনপ্ৰিয় কণ্ঠশিল্পী ক্ৰমে প্ৰাঞ্জল পৰশ, কুমাৰ তপন, বিকুল শ‌ইকীয়া, নৃত্য শিল্পী মোহন কলিতা, কৌতুক অভিনেতা পংকজ কলিতা, বাঁহী বাদক হীৰকজ্যোতি কলিতা, লোকগীতৰ শিল্পী গোবিন্দ নাথ আদিসহ বহু শতাধিক কলা-কুশলীয়ে চৰকাৰী নীতিৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.