এন আৰ চিক লৈ হতাশা : নাম নাহিল খিলঞ্জীয়া পৰিয়ালৰ - এন আৰ চিৰ চূড়ান্ত খচৰা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 3, 2019, 9:29 PM IST

সুদীৰ্ঘ 40 বছৰৰ অপেক্ষাৰ অন্ত পেলাই প্ৰকাশ হ'ল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা ৷ এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিচতেই এই খচৰাত বিসংগতি থকাৰ দাবী তুলিছে বিভিন্নজনে ৷ ক'ৰবাত যদি শিল্পী-সাংবাদিকৰ পৰিয়ালৰ নাম অন্তৰ্ভূক্ত হোৱা নাই, আন কৰবাত আকৌ নাম বাদ পৰি ৰৈছে সেনা বাহিনী অথবা আৰক্ষী বিভাগত চাকৰি কৰা লোকৰ ৷ আনকি বহু কেইজন বিধায়ক তথা প্ৰাক্তন বিধায়কৰ পৰিয়ালৰো নাম সন্নিৱিষ্ট হোৱা নাই এন আৰ চিৰ চূড়ান্ত খচৰাত ৷ ধুবুৰীত শেহতীয়াকৈ পোহৰলৈ আহিছে এন আৰ চিত নাম নহা এজন আৰক্ষী কনিষ্টবলৰ পৰিয়ালৰ তথ্য ৷ 1948 চনত গোৱালপাৰাত জন্ম লাভ কৰা নন্দলাল সিংহ নামৰ ব্যক্তিগৰাকীৰ পৰিয়ালৰ নাম সন্নৱিষ্ট আছিল 1951 চনৰ এন আৰ চিত ৷ এন আৰ চিৰ জাননী অনুসৰি শুনানিত অংশ গ্ৰহণ কৰি বিচৰা মতেই বংশবৃক্ষ আৰু নন্দলাল সিংহৰ চাকৰিৰ নিযুক্তিৰ যাবতীয় নথিপত্ৰ জমা দিয়া হৈছিল । কিন্তু তাৰ পাচতো চূড়ান্ত খচৰাত নন্দলাল সিংহৰ ছয় জনীয়া পৰিয়াটোৰ নাম বাদ পৰা ঘটনা আশ্চৰ্যজনক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.