thumbnail

By

Published : Aug 15, 2021, 10:29 AM IST

ETV Bharat / Videos

স্বাধীনতা দিৱস উপলক্ষে টীয়কত ক’ভিড যোদ্ধাক সম্বৰ্ধনা

ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ টীয়কতো কেন্দ্ৰীয়ভাৱে 75 তম স্বাধীনতা দিৱস(Independence Day) উদযাপন ৷ সম্পূৰ্ণ ক’ভিড প্ৰট’কল(Covid Protocol) অৱলম্বন কৰি টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সৌভিক ভূঞাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে । পতাকা উত্তোলনৰ সমান্তৰালকৈ টীয়কৰ শিল্পী সমাজে ৰাষ্ট্ৰীয় সংগীত(National Anthem) পৰিৱেশন কৰে । উক্ত অনুষ্ঠানত টীয়কৰ জেষ্ঠ নাগৰিক সন্থা প্ৰমুখ্যে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি তথা স্থানীয় ব্যক্তিৰ উপস্থিতিত কেইবাগৰাকীও ক’ভিড যোদ্ধা, স্বাস্থ্যকৰ্মী আৰু উদীয়মান খেলুৱৈক সম্বৰ্ধনা জনোৱা হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.