ETV Bharat / state

প্ৰথমবাৰৰ বাবে মৰিগাঁৱত অনুষ্ঠিত হ’ব অসম চৰকাৰৰ কেবিনেট বৈঠক - ASSAM GOVT CABINET MEETING

১৬ জানুৱাৰীত মৰিগাঁও জিলাত অনুষ্ঠিত হ’ব অসম চৰকাৰৰ কেবিনেট বৈঠক । এই বৈঠকে জিলাখনৰ বাবে বহু ভাল খবৰ আনিব বুলি আশাবাদী মন্ত্ৰী পীযুষ হাজৰীকা ৷

Assam Govt cabinet meeting to be held in Morigaon for the first time
মন্ত্ৰী পীযুষ হাজৰীকা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 12, 2025, 8:45 AM IST

মৰিগাঁও : ‘‘এইবাৰ মৰিগাঁও জিলাৰ বাবে অতিকৈ ভাল খবৰ আহিব ৷ কিয়নো পোনপ্ৰথমবাৰৰ বাবে মৰিগাঁৱত অনুষ্ঠিত হ’ব অসম চৰকাৰৰ কেবিনেট বৈঠক ৷ 16 জানুৱাৰীৰ দিনা মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অসম চৰকাৰৰ সকলো মন্ত্ৰী-বৰ্গৰ সৈতে এই কেবিনেট বৈঠকত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷’’ শনিবাৰে মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ।

মন্ত্ৰী হাজৰীকাই কয়, ‘‘মৰিগাঁৱত এইবাৰ অসম চৰকাৰৰ কেবিনেট বৈঠকখন পুৱা ১০:৩০ বজাৰ পৰা আৰম্ভ হ’ব । উক্ত বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৰিগাঁও জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলীত উপস্থিত হৈ কাম-কাজ বুজ ল’ব ৷ তাৰ পাছতে ঐতিহাসিক জোনবিল মেলাত উপস্থিত হৈ তিৱা ৰজাসকলক ৰাজভট্টা প্ৰদান কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ।’’

মন্ত্ৰী পীযুষ হাজৰীকা (ETV Bharat)

‘‘সম্ভৱতঃ ঐতিহাসিক জোনবিল মেলাস্থলীৰ পৰা ওলাই মুখ্যমন্ত্ৰীগৰাকীয়ে মৰিগাঁও আৰু দৰং জিলাৰ মাজত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ হ’ব লগা 9.50 কিলোমিটাৰ দৈঘ্যৰ দলংখনৰ লগতে সেই অঞ্চলটো প্ৰত্যক্ষ কৰিব । তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে মূল পথেৰে পবিতৰা হৈ গুৱাহাটী যোৱাৰ চিন্তা চৰ্চা কৰিছে ৷’’ মন্ত্ৰী হাজৰীকাই কয় ৷

তেওঁ লগতে কয়, ‘‘এই যাত্ৰাৰ সময়ত পবিতৰাত ইয়াৰ আভ্যন্তৰীণ কাম কি কৰিব লগা আছে, পবিতৰালৈ যাতে আৰু পৰ্যটক আনিব পাৰি তাৰ ওপৰত মুখ্যমন্ত্ৰীগৰাকীয়ে পৰ্যালোচনা কৰিব ।’’ মুখ্যমন্ত্ৰীগৰাকীয়ে য’তেই কেবিনেট বৈঠক কৰে সেই জিলাখনৰ বাবে কিবা নহয় কিবা উপহাৰ দিয়ে, সেয়ে মৰিগাঁও জিলাত হ’ব লগা এই কেবিনেট বৈঠকে জিলাখনৰ বাবে নিশ্বয় কিবা এটা ভাল খবৰ আনিব সেয়া আশা কৰিব পাৰি বুলিত মত প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ।

লগতে পঢ়ক : অসম চৰকাৰৰ কৰ্মচাৰীলৈ সুখবৰ: কৰ্মচাৰী পৰিষদৰে হোৱা বৈঠকত ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে

উল্লেখ্য যে, শনিবাৰে দিনৰ ভাগত মৰিগাঁৱত উপস্থিত মন্ত্ৰী পীযুষ হাজৰীকাই জিলা আয়ুক্ত কাৰ্যালয় পৰিদৰ্শন কৰে ৷ লগতে আগন্তুক কেবিনেট বৈঠক সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ সৈতে এক আলোচনাতো মিলিত হয় ৷ মন্ত্ৰী হাজৰীকাই জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হোৱাৰ সময়ত তেওঁক সংগ দিয়ে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে কেবাজনো বিভাগীয় লোক ৷

তথ্য মতে, 16, 17 আৰু 18 জানুৱাৰীত 3 দিনীয়াকৈ জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হ'ব ঐতিহাসিক জোনবিল মেলা ৷ এই মেলালৈ আহিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ কাৰ্যসূচী আনুসৰি, 17 জানুৱাৰীৰ দিনা মেলাত অনুষ্ঠিত হ'বলগীয়া ৰাজ দৰবাৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মধ্য অসমৰ 22 গৰাকীকৈ তিৱা ৰজাক মুখ্যমন্ত্ৰী শৰ্মাই ৰাজভাট্টা প্ৰদান কৰাৰ কথা আছিল ৷ কিন্তু আমাৰ মৰিগাঁৱৰ সাংবাদিকৰ হাতত আহি পৰা এক ভিতৰুৱা খবৰ অনুসৰি, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই 17 জানুৱাৰীৰ পৰিৱৰ্তে 16 জানুৱাৰীৰ দিনা জোনবিল মেলালৈ আহিব ৷

লগতে পঢ়ক : দেশী-বিদেশী পৰ্যটক, ৰাষ্ট্ৰদূতৰ উপস্থিতিত সামৰণি পৰিল ঐতিহাসিক চৰাইদেউ মহোৎসৱ

লগতে পঢ়ক : পাহাৰৰ মামা-মামীক আদৰিবলৈ জোনবিলৰ বাকৰিত ব্যাপক প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.