ডিমা হাচাও : চাওঁতে চাওঁতে আজি সাতটা দিনত ভৰি দিলে উমৰাংছ’ৰ কয়লা খনিৰ ঘটনাই ৷ উমৰাংছ’ৰ তিনি কিলোৰ ক'লামাটিস্থিত এই কয়লাখনিত বৰ্তমানো আবদ্ধ হৈ আছে ৫ জন শ্ৰমিক ৷ ইতিমধ্যে চাৰিজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী বাহিনীৰ লোকে । খনিটোত আবদ্ধ আন ৫ জন শ্ৰমিকৰ সন্ধানত বৰ্তমানো অব্যাহত আছে উদ্ধাৰ অভিযান কাৰ্য ।
যোৱা ৮ জানুৱাৰী বুধবাৰে নৌ-সেনাই অভিযান কয়লা খনিটোৰ পৰা নেপালৰ বাসিন্দা গংগা বাহাদুৰ শ্ৰেষ্ঠ নামৰ শ্ৰমিকজনৰ মৃতদেহ উদ্ধাৰ ৷ নিহত গংগা বাহাদুৰ আছিল এই মৰণফান্দ খনিটোৰ পৰা অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰা প্ৰথমটো মৃতদেহ ৷
#WATCH | Dima Hasao, Assam: Junu Pradhan, wife of Lijen Magar who died in the coal mine tragedy at 3 Kilo Umrangso area says, " that day (january 6) was his first working day here. he (lijen magar) was the only earning member of our family. i have a 2-month-old child and i don't… pic.twitter.com/K7mBbe4TuJ
— ANI (@ANI) January 12, 2025
ইয়াৰ পাচত ১১ জানুৱাৰীৰ দিনা পুৱাৰ ভাগত উদ্ধাৰ কৰা হয় উমৰাংছ'ৰ ক’লামাটি গাঁৱৰ লিজেন মগৰ (২৭) নামৰ শ্ৰমিকজনৰ মৃতদেহ ৷ তাৰ পাচতে দুপৰীয়াৰ ভাগত সেনা আৰু এনডিআৰএফ বাহিনীয়ে ক্ৰমে কোকৰাঝাৰ জিলাৰ ফকিৰগ্ৰাম আৰক্ষী থানা অন্তৰ্গত মগৰগাঁৱৰ খুশি মোহন ৰায় (৫৭) আৰু শোণিতপুৰ জিলাৰ পানবাৰী আৰক্ষী থানাৰ অন্তৰ্গত থাইলাপাৰাৰ শৰৎ গয়াৰী(৩৭)ৰ মৃতদেহ উদ্ধাৰ কৰে ৷
Assam mining tragedy: Rescue operations in Dima Hasao enter day 7
— ANI Digital (@ani_digital) January 12, 2025
Read @ANI Story | https://t.co/gz6JK53BmV#Assam #DimaHasao #MiningTragedy pic.twitter.com/lQVrKwHhuQ
ইফালে কংগ্ৰেছৰ লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে উমৰাংছ'ৰ কয়লা খনি ঘটনাৰ উচিত তদন্ত কৰিবৰ বাবে বিশেষ তদন্তকাৰী দল (SIT) গঠনৰ হেতুকে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখে ৷
As of today, rescue operations have entered their sixth day, but the fate of five coal miners trapped in the illegal coal mine at Dima Hasao remains uncertain. The bodies of four miners have been recovered so far.
— Gaurav Gogoi (@GauravGogoiAsm) January 11, 2025
Illegal mining continues unchecked in Assam, fuelled by weak… pic.twitter.com/Gpy0RziFJu
ইফালে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাৰ সৈতে জড়িত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে FIR পঞ্জীয়ন কৰাৰ কথাও ঘোষণা কৰে । X-ৰ জৰিয়তে এটা পোষ্ট কৰি এই কথা মুখ্যমন্ত্ৰী শৰ্মাই সদৰী কৰে ৷
#WATCH | Dima Hasao, Assam: Inspector NDRF, Roshan Kumar Nath says " 4 bodies have been recovered so far since the joint rescue operation started. the de-watering process continues and the water level is decreasing. coal india's pumps have been placed here. we will try to rescue… https://t.co/tYM1np2QCx pic.twitter.com/st5W7nkdYn
— ANI (@ANI) January 12, 2025
ইফালে কয়লা খনিটোত উদ্ধাৰ অভিযান চলি থকাৰ মাজতে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমীত সিঙে সংবাদ সংস্থা ANI ৰ আগত কয়, ‘‘আধাতকৈ অধিক হ্ৰাস পাইছে খনিটোৰ জলস্তৰ আৰু অধিক হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ।’’
#WATCH | Dima Hasao, Assam: Rescue operations underway to save workers trapped in the inundated rat-hole coal mine at 3 Kilo Umrangso area in Dima Hasao district.
— ANI (@ANI) January 12, 2025
Four bodies have been recovered by the joint rescue team of the Indian army and NDRF. pic.twitter.com/PtvucO7gkA
হৰমীত সিঙে কয়, ‘‘এতিয়া আমাৰ ১২টা পাম্পেৰে কাম চলি আছে । মূল খাদত ছটা পাম্প আৰু আন তিনিটা খাদত ছটা পাম্পেৰে কাম কৰি থকা হৈছে । পানীৰ স্তৰ আধাতকৈও অধিক হ্ৰাস পাইছে । পানীৰ স্তৰ প্ৰায় ৩০ মিটাৰত আছিল । এতিয়া ১৫ মিটাৰতকৈও কম আছে । গতিকে আমি আশাবাদী যে কাইলৈ পানী আৰু তললৈ নামি যাব ৷ খাদটো আৰু মুকলি হ'ব ৷ ফলত খাদটোৰ ভিতৰৰ ফুটাবোৰ মুকলি হ'ব ৷ আমি হয়তো আৰু কিছু ফাল ফলাফল পাম ৷ আমি আশা কৰিছো যে উদ্ধাৰ অভিযান আৰু আগুৱাই নিব পাৰিম...৷" (ANI)
#WATCH | Dima Hasao, Assam: Rescue operations underway to save workers trapped in the inundated rat-hole coal mine at 3 Kilo Umrangso area in Dima Hasao district.
— ANI (@ANI) January 12, 2025
Four bodies have been recovered by the joint rescue team of the Indian army and NDRF. pic.twitter.com/XYUy7eT4UK
(সংবাদ সংস্থা ANI ৰ তথ্যৰ আধাৰত যুগুটোৱা এই প্ৰতিবেদন)