ETV Bharat / state

পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত বিজেপি চৰকাৰ বিফল হৈছে : গৌৰৱ গগৈ - PANCHAYAT POLL 2025

মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰৰ ব্যৰ্থতাৰ বাবেই ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা নাই বুলি অভিযোগ সাংসদ গৌৰৱ গগৈৰ । চৰাইদেউত বিস্ফোৰক মন্তব্য গগৈৰ ।

MP Gaurav Gogoi alleges CM failed to hold panchayat polls Charaideo
চৰাইদেউত বিস্ফোৰক মন্তব্য গগৈৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 12, 2025, 12:20 PM IST

ডিব্ৰুগড়: ৰাজ্যত অনুষ্ঠিত হ'ব লগা পঞ্চায়ত নিৰ্বাচনৰ বাবে শাসক বিৰোধী সকলো ৰাজনৈতিক দলে বিগত কেইবাটাও মাহৰ পৰা ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে । ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছিল । কিন্তু শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত হোৱা কেবিনেটৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰি জানিবলৈ দিয়ে আদালতত চলি থকা গোচৰৰ বাবে পিছুৱাব পাৰে অনুষ্ঠিত হ'বলগা পঞ্চায়ত নিৰ্বাচন ।

কৰিমগঞ্জৰ কেইটামান পঞ্চায়তক লৈ উচ্চ ন্যায়ালয়ত চলি থকা গোচৰৰ বাবেই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত সমস্যা সৃষ্টি হোৱা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰ পাছতে চৰাইদেউ জিলাৰ সাপেখাতীত উপস্থিত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰা চৰকাৰ আৰু মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে ।

চৰাইদেউত বিস্ফোৰক মন্তব্য গগৈৰ (ETV Bharat Assam)

পঞ্চায়তক লৈ চৰকাৰৰ বিৰুদ্ধে কি অভিযোগ গৌৰৱ গগৈৰ:

এই সন্দৰ্ভত সাংসদগৰাকীয়ে কয়, "পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিফল হৈছে । ইয়াৰ মূল কাৰণেই হ'ল সমষ্টি পুনৰ নিৰ্ধাৰণ । সমষ্টি পুনৰ নিৰ্ধাৰণ ৰাইজৰ সুবিধা অনুসৰি কৰাহেতেন আদালতৰ মজিয়াত এনেবোৰ ঘটনা বিচাৰাধীন হ'ব লগা নহ'লহেঁতেন । উচ্চ ন্যায়ালয়ত চলি থকা কেছটোত যুক্তি থকাৰ বাবেহে আদালতে কেছটো গ্ৰহণ কৰিছে ।’’

তেওঁ লগতে কয়, "সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি অসমৰ ৰাইজৰ ভাল কৰিছো বুলি দাবী কৰিছিল মুখ্যমন্ত্ৰীয়ে কিন্তু পঞ্চায়তৰ ভিতৰত ৰাইজৰ যি মূল অধিকাৰ আছিল তাক কাঢ়ি লৈ গ'ল । সমষ্টি পুনৰ নিৰ্ধাৰণে কোনো জাতি জনগোষ্ঠীক উপকৃত কৰা নাই, কেৱল বিজেপিয়ে নিজৰ স্বাৰ্থ, নিজৰ ভোট বেংক ঠিক কৰাৰ বাবে এই কাম কৰিলে । পঞ্চায়ত নিৰ্বাচন সময়ত অনুষ্ঠিত কৰিব নোৱাৰি কংগ্ৰেছক দোষ দিবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীয়ে । চৰকাৰৰ বিফলতাৰ বাবে তৃণমূল পৰ্যায়ৰ লোকক সাংবিধানিক অধিকাৰ প্ৰদান কৰাৰ পৰা বঞ্চিত কৰিছে চৰকাৰে ।"

আটাছুৰ জাতীয় শ্বহীদ ডামচাও ডিম্বেশ্বৰ গগৈৰ মৈদামস্থলী নিৰ্মাণৰ বাবে পুঁজি প্ৰদান:

টাই আহোম ছাত্ৰ সন্থাৰ জাতীয় শ্বহীদ ডামচাও ডিম্বেশ্বৰ গগৈৰ মৈদামস্থলীত উপস্থিত সাংসদ গৌৰৱ গগৈ । শ্বহীদ গৰাকীৰ মাতৃৰ লগতে পৰিয়ালৰ সৈতে কথোপকথন কৰি শ্বহীদ জনাৰ মৈদাম স্থলীৰ লগতে প্ৰতিমূৰ্তিত শ্ৰদ্বাঞ্জলি জনায় । মৈদামস্থলীতে মৈদামস্থলী নিৰ্মাণৰ নামত সাংসদগৰাকীয়ে নিজা পুঁজিৰ পৰা আঢ়ৈ লাখ টকাৰ অনুদান আগৱঢ়ায় ।

উল্লেখযোগ্য যে, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সাংগঠনিক সম্পাদক আছিল মেধাৱী ডিম্বেশ্বৰ গগৈ । জনগোষ্ঠীৰ হকে নিষ্ঠাৰে সেৱা আগবঢ়োৱা ডিম্বেশ্বৰ গগৈক ১৯৯১ চনত তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা ডিম্বেশ্বৰ গগৈক অপহৰণ কৰি কাকপথাৰত গণকবৰ দিছিল । অপহৰণ কৰাৰ বিশ দিনৰ পাছত উকলি যোৱা মৃতদেহ উদ্ধাৰ কৰা হৈছিল । অতি নিষ্ঠুৰভাৱে শাৰিৰীকভাৱে অত্যাচাৰ চলাই হত্যা কৰা হৈছিল ডিম্বেশ্বৰ গগৈক । কিছু দিন পূৰ্বে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি মিলন বুঢ়াগোঁহায়ে সংগঠনটোৰ প্ৰথমগৰাকী সংগাঠনিক সম্পাদক ডিম্বেশ্বৰ গগৈক হত্যা কৰাৰ বাবে নিষিদ্ধ ঘোষিত সংগঠন আলফা(স্বা)ক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

ইফালে এই ঘটনা আলফা(স্বা)এ কৰা বুলি সকলোৱে দাবী কৰে যদিও আজিও সংগঠনটোৱে এই ঘটনাৰ কাৰণ ৰাজহুৱা নকৰিলে । তেতিয়াৰে পৰা ৩০ ডিচেম্বৰ তাৰিখটোত জাতীয় শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে টাই আহোম ছাত্ৰ সন্থাই । সেয়ে চৰাইদেউ সাপেখাতীৰ ৰহনত অৱস্থিত আটাছুৰ জাতীয় শ্বহীদ ডামচাও ডিম্বেশ্বৰ গগৈৰ মৈদামস্থলী উন্নয়নৰ বাবে আজি সাংসদগৰাকীয়ে পুঁজি প্ৰদান কৰে ।

লগতে পঢ়ক: কয়লা ছিণ্ডিকেটৰ চৰ্দাৰ কোন ? সত্যৰ সন্ধানত প্ৰদেশ কংগ্ৰেছ - UMRANGSO COAL MINE TRAGEDY

প্ৰতিটো নিৰ্বাচনৰ বাবে আগতীয়াকৈ পৰিকল্পনা কৰে বিজেপিয়ে: ৰণোজ পেগু - BJP MEETING

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.