ধেমাজি : বিহুৰ বতৰত বিভিন্ন জনগোষ্ঠীৰ লোকৰ থলুৱা সুৰাৰ উপৰিও ৰঙীন বিলাতী সুৰাৰ পয়োভৰ ঘটে । পিছে এইবাৰ এই সকলোবোৰ সুৰাক প্ৰত্যাহ্বান জনাই বজাৰলৈ আহিছে এটা নতুন বেণ্ডৰ সুৰা । নাম 'আইচেং' । যি সুৰা সেৱন কৰিলে স্বাস্থ্যৰ পক্ষে হানিকাৰক নহয় ।
সেই সুৰাই মানুহৰ স্বাস্থ্যক দিয়ে বহুতো জটিল বেমাৰৰ পৰা সকাহ । ৰঙা আৰু বগা দুটা ৰঙত উপলব্ধ এই সুৰাই সুৰাপায়ীক দিব পাৰে অনাবিল আনন্দৰ লগতে ঔষধি গুণেৰে সমৃদ্ধ 'আইচেং' নামৰ এই সুৰাবিধ ।
আমাৰ বাৰীৰ বিভিন্ন ফলমূল বা নষ্ট হৈ যোৱা ফলমূলৰ পৰা এই বিশেষ সুৰাবিধ প্ৰস্তুত কৰা হয় । এই সুৰা প্ৰস্তুত কৰ্তা গুৱাহাটীৰ অদিতি গোঁহাই ফুকনে ধেমাজি বজাৰত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন আৰু বিক্ৰী কৰি ৰাইজৰ পৰা আশাপদ সঁহাৰি লাভ কৰিছে বুলি জানিব পৰা গৈছে ৷
এইক্ষেত্ৰত অদিতি গোঁহাই ফুকনে কয়, “আমাৰ নষ্ট হৈ যোৱা ফলমূলৰ পৰা কিন্বন প্ৰক্ৰিয়াৰে ‘আইচেং’ নামৰ থলুৱা ঔষধি গুণসম্পন্ন সুৰাবিধ প্ৰস্তুত কৰিছো । আমাৰ পেলনীয়া বিভিন্ন ফলমূল যেনে - ৰবাব টেঙা, অপৰাজিতা ফুল, নষ্ট হোৱা তৰমুজৰ পৰা প্ৰস্তুত কৰা হৈছে ।
লগতে পঢ়ক: Tea wine in Assam : প্ৰথমবাৰৰ বাবে চাহৰ পৰা প্ৰস্তুত কৰা ৱাইন লৈ সাজু উদ্যোগী আল্পনা শইকীয়া |
- সুৰা অপকাৰী নহয় উপকাৰিহে:
"সুৰা বা এলকহল বুলি ক’লে সাধাৰণতে মানুহৰ মাজত স্বাস্থ্যৰ পক্ষে হানিকাৰক বুলি বেয়া ধাৰণা এটি আহে যদিও ৱাইনটো স্বাস্থ্যৰ পক্ষে হানিকাৰক নহয় ই মানুহৰ স্বাস্থ্যৰ পক্ষে উপকাৰীহে ।" এইদৰে ক’লে অদিতি গোঁহাই ফুকনে ।
- কেনেকৈ মনলৈ আহিল আইচেং প্ৰস্তুত কৰিবলৈ:
এইক্ষেত্ৰত মহিলাগৰাকীয়ে কয়, “মোৰ মাৰ বছেৰেকীয়া শ্ৰাদ্ধৰ সময়ত, কৰুণা মহামাৰীৰ হোৱা ফলস্বৰূপে মানুহ কম হোৱা বাবে বহুত ফলমূল নষ্ট হৈছিল । তেতিয়াই মনলৈ আহিল এই ফলমূলখিনিয়ে চাহিদা থকা কিবা এটা প্ৰস্তুত কৰা । মই অহা বছৰ পৰা ৱেৰ হাউচৰ জৰিয়তে ব'ণ্ডক দিম ৱাইন আৰু আপোনালোকে ৱাইন শ্বপৰ পৰা এই সুৰা কিনি খাব পাৰিব ।"
তেওঁ লগতে কয়, "অসমত এটা বছৰে বহুত ফলমূল নষ্ট হয় । এইবোৰৰ পৰা লোকেল হিচাপে চাহিদা থকা আৰু কাৰোবাক যদি সংস্থাপন দি চৰকাৰকো সহায় কৰিব পৰা কাম কৰিব পাৰো তেন্তে ই নিশ্চয় ভাল কাম হ’ব । আগন্তুক দিনত এই ৱাইনে আন্তঃৰাষ্ট্ৰীয় বজাৰত চাহিদা লাভ কৰিব বুলি আশা প্ৰকাশ কৰা লগতে অসমত অতিকৈ সূলভ হৈ পৰা বিভিন্ন উদ্ভিদৰ পৰা হাৰ্বেল ৱাইন প্ৰস্তুত কৰিম ।’’