কলিয়াবৰত বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ
🎬 Watch Now: Feature Video
ঘোৰ নিদ্ৰাত আবকাৰী বিভাগ(Excise Department) ৷ কলিয়াবৰত অবৈধ সুৰাৰ বিৰুদ্ধে সষ্টম আৰক্ষী-প্ৰশাসন । দেওবাৰে নিশা কলিয়াবৰ আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে অবৈধ সুৰা(Illegal Liquor)ৰ বিৰুদ্ধে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা । শিলঘাট আৰু নলতলি বজাৰৰ এখন দোকানৰ ভিতৰত বিক্ৰীৰ বাবে মজুত কৰি ৰাখিছিল বৃহৎ পৰিমাণৰ বিলাতী সুৰাখিনি । জব্দকৃত সুৰাখিনিৰ মূল্য লক্ষাধিক টকা বুলি জানিব পৰা গৈছে । ঘোৰ নিদ্ৰাত থকা বিভাগটোৰ কৰণীয় কৰ্তব্যৰ প্ৰতি থকা আওকণীয়া মনোভাৱৰ বাবেই কলিয়াবৰৰ গাঁও-চুবুৰীত সুৰাৰ প্ৰচলনে নতুন প্ৰজন্মক বিপথে পৰিচালিত কৰা বুলি অভিযোগ তুলিছে সচেতন মহলে ৷