আৰক্ষীৰ অভিযানত ধৰা পৰিল মাটিৰ দালাল বিজেপি নেতা

By

Published : Sep 21, 2021, 9:59 PM IST

thumbnail
মাটিৰ দালালৰ বিৰুদ্ধে ৰঙিয়াতো চলিল আৰক্ষীৰ অভিযান ৷ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালৰাজ বন্ধ কৰাৰ ঘোষণা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । তাৰ পিছতে মাটিৰ দালালৰ বিৰুদ্ধে ৰঙিয়াতো চলিল আৰক্ষীৰ অভিযান । ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু কমলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালৰাজ চলোৱা কমলপুৰ বিজেপিৰ নেতা সহ ছয় দালাল ৰঙিয়া আৰক্ষীৰ জালত । ধৃত ছয় দালাল কেইটা হৈছে বিজেপিৰ কমলপুৰ ব্লকৰ উপ সভাপতি ৰমেশ শইকীয়া, পুঠিমাৰীৰ ৰিজু আহমেদ, কমলপুৰৰ দেৰাজ শইকীয়া, কমলপুৰৰ মইনুল হক, ৰঙিয়াৰ উদিয়ানাৰ ইয়াচিন আলী আৰু হবিব আলী । সম্প্ৰতি ৰঙিয়া থানা আৰু কমলপুৰ থানাত আৰক্ষীয়ে অধিক তথ্যৰ বাবে দালাল কেইটাৰ জেৰা অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ দলৰে বহু নেতা পালিনেতা মাটিৰ দালালিত আৰক্ষীৰ জালত পৰাটোৱেও এতিয়া যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.