কৃষিকৰ্মৰে স্বাৱলম্বিতাৰ বাট বুলিছে এগৰাকী উদ্যমী মহিলাই - SELF RELIANCE THROUGH FARMING

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : 17 hours ago

বাইহাটা: সৰিয়হ ফুলৰ গোন্ধেৰে এতিয়া আমোলমোলাইছে পথাৰ । এই সৰিয়হৰ খেতিৰে স্বাৱলম্বিতাৰ পথ দেখুৱাইছে কামৰূপ জিলাৰ তীৰ্থনগৰী হাজোৰ ৰামদিয়াৰ এগৰাকী উদ্যমী মহিলা স্নিগ্ধা ভূঞাই । পৰম্পৰাগতভাৱে কৰি অহা সৰিয়হৰ খেতিৰে লাভাম্বিত মহিলাগৰাকী । এইবেলি প্ৰায় ত্ৰিশ বিঘা কৃষিভূমিত স্নিগ্ধা ভূঞাই কৰিছে সৰিয়হৰ খেতি । কোনোধৰণৰ চৰকাৰী সাহাৰ্যৰ প্ৰতি ৰৈ নাথাকি সম্পূৰ্ণ নিজা খৰচত অবিবাহিতা মহিলাগৰাকীয়ে বছৰ বছৰ ধৰি কৰি আহিছে এই সৰিয়হ খেতিডৰা । নিজৰ কপালৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা লহপহকৈ বাঢ়ি অহাত মহিলাগৰাকীৰ মুখত বিৰিঙি উঠিছে হাঁহি ।  

তেওঁৰ এই যাত্ৰা সন্দৰ্ভত কয়,"সৰুৰে পৰাই মই খেতি কৰি ভাল পাওঁ । উৎপাদন হ'লে আৰ্থিকভাৱেও লাভান্বিত হয় । মই ৩০ বিঘা মাটিত কেৱল সৰিয়হৰ খেতিয়েই কৰিছোঁ । বাকী অন্যান্য মাটিত বেলেগ খেতিও আছে । বিভিন্ন মাহ আছে, মচুৰ, তিল, আলু আদি খেতি আছে । সকলো মহিলাই ওলাই আহিব লাগে । কেৱল ঘৰৰ কামত ব্যস্ত হৈ থাকিলেই নহয় । মই এগৰাকী অংগনৱাড়ী কৰ্মী, পুৱা ৫ বজাতে খেতিলৈ আহোঁ । ৭ বজাত ইয়াৰ পৰা গৈ অংগনৱাড়ীলৈ যাওঁ । ১২ বজাত স্কুল ছুটী হয়, তাৰ পিছতে দুপৰীয়া ভাত খাই আবেলি আকৌ পথাৰলৈ আহোঁ ।" এনেদৰেই কৃষিকৰ্মৰে স্বাৱলম্বী হৈ এতিয়া অঞ্চলটোৰ অন্য দহৰ বাবেও এইগৰাকী মহিলা হৈ পৰিছে আদৰ্শ ।

লগতে পঢ়ক: ৰীলত নহয় বাস্তৱত দেখুৱাইছে পাঁচ বান্ধৱীয়ে কৰ্ম-সংস্কৃতিৰ নিদৰ্শন - SELF RELIANT STORY

মাইকী ধনেশ আৰু সন্তানৰ সুৰক্ষা এইদৰে কৰে মতা ধনেশ পক্ষীয়ে... - Great Hornbill found

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.