নতুন দিল্লী : ভাৰতৰ প্ৰধান বিৰোধী দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা হৈছিল ১৮৮৫ চনৰ ২৮ ডিচেম্বৰত । ইয়াৰ উদ্দেশ্য আছিল ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ অধীনত থকা ভাৰতীয়সকলক প্ৰতিনিধিত্ব কৰা ।
গঠনৰ পিছৰে পৰা দলটোৱে স্বাধীনতা আন্দোলন, সামাজিক সংস্কাৰ আৰু প্ৰগতিৰ সাক্ষী হৈ আছে । দলটোৰ ইতিহাস আৰু ৰাষ্ট্ৰলৈ মূল্যৱান অৱদানক সন্মান জনোৱাৰ বাবে প্ৰতিবছৰে ২৮ ডিচেম্বৰত ঐতিহাসিক দলটোৰ সদস্যসকলে ইয়াৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰে ।
গঠন
১৮৮৫ চনৰ ২৮ ডিচেম্বৰত ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ অধীনত ভাৰতীয়সকলক প্ৰতিনিধিত্ব কৰা আৰু সামাজিক সংস্কাৰৰ ধাৰণাৰে দলটো গঠন কৰা হৈছিল । পৰৱৰ্তী সময়ত কংগ্ৰেছৰ নেতৃত্বত আধিপত্যবাদী সাম্ৰাজ্যবাদ-বিৰোধী সংগ্ৰাম আৰম্ভ হৈছিল । ইয়াৰ উপৰি অত্যন্ত আদৰ্শগত আৰু শৃংখলাবদ্ধ আছিল আৰু লগতে সাংগঠনিকভাৱে মুক্ত আৰু আদৰ্শৰ অনুকূল আছিল ।
এইটো এক গুৰুত্বপূৰ্ণ কথা যে কোনো পৰ্যায়তে কিন্তু মহাত্মা গান্ধীয়ে দলটোৰ ওপৰত আদৰ্শগত একচেটীয়া অধিকাৰ দাবী কৰা নাছিল । সেয়েহে, কংগ্ৰেছে বিভিন্ন আদৰ্শগত পাৰ্থক্য, বিভিন্ন স্তৰৰ প্ৰতিশ্ৰুতি আৰু কিছুমান বিস্তৃত উমৈহতীয়া উদ্দেশ্য আৰু নীতিৰ বাবে একেলগে সংগ্ৰাম কৰাৰ বাবে বিভিন্ন বেলেগ বেলেগ ক্ষমতাৰ ব্যক্তিসকলক একত্ৰিত কৰাত সফল হৈছিল । কংগ্ৰেছ ৱেবছাইটত এই কথা উল্লেখ কৰা হৈছে ।
নেহৰু যুগ
জৱাহৰলাল নেহৰুৰ নেতৃত্বত কংগ্ৰেছৰ নেহৰু যুগ আছিল ১৯৪৭ চনৰ পৰা ১৯৬৪ চনলৈ । তেওঁৰ কাৰ্যকালত মহাকাশ গৱেষণা আৰু শিক্ষাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছিল ।
শাস্ত্ৰী যুগ
লাল বাহাদুৰ শাস্ত্ৰীৰ যুগ আছিল ১৯৬৪ চনৰ পৰা ১৯৬৬ চনলৈ । তেওঁ এগৰাকী শান্ত সমাহিত মহান ব্যক্তি আছিল । তেওঁ ভাৰতৰ বাবে আৰু শান্তিৰ বাবে জীয়াই আছিল আৰু ভাৰতৰ বাবে আৰু শান্তিৰ বাবেই মৃত্যুবৰণ কৰিছিল । তেওঁৰ অস্তিত্ব ভাৰতীয় লোকসকলৰ মাজতে পোৱা যায় । কংগ্ৰেছৰ ৱেবছাইটত উল্লেখ কৰা হৈছে যে তেওঁ সেৱাৰ মনোভাবেৰে পৰিপূৰ্ণ আছিল আৰু তেওঁ সদায় জনসাধাৰণৰ কল্যাণৰ কথা ভাবিছিল ।
ইন্দিৰা গান্ধী যুগ
১৯৬৬ চনৰ পৰা ১৯৮৪ চনলৈ ইন্দিৰা গান্ধী যুগ হিচাপে লিপিবদ্ধ কৰা হয় । তেওঁ আছিল দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী আৰু বৰ্তমানলৈকে একমাত্ৰ । ১৯৪৭ চনৰ পৰা ১৯৬৪ চনলৈ ১৭ বছৰ ধৰি দেশৰ প্ৰধানমন্ত্ৰী হৈ থকা পণ্ডিত জৱাহৰলাল নেহৰুৰ পিছত ইন্দিৰা গান্ধী ভাৰতৰ আটাইতকৈ দীঘলীয়া সময়ৰ প্ৰধানমন্ত্ৰী আছিল ।
তেওঁ দুটা পৰ্যায়ত প্ৰায় ১৬ বছৰ ধৰি দেশৰ চৰকাৰৰ মুৰব্বী আছিল । তেওঁৰ কাৰ্যকাল আছিল জানুৱাৰী, ১৯৬৬ চনৰ পৰা মাৰ্চ ১৯৭৭ আৰু জানুৱাৰী, ১৯৮০ চনৰ পৰা অক্টোবৰ, ১৯৮৪ চনলৈ ।
ৰাজীৱ গান্ধী যুগ
ৰাজীৱ গান্ধীৰ যুগ আছিল ১৯৮৪ চনৰ পৰা ১৯৯১ চনলৈ । তেওঁৰ মাতৃ ইন্দিৰা গান্ধীৰ হত্যাৰ পিছত প্ৰধানমন্ত্ৰী হয় । ৰাজীৱ গান্ধীয়ে দেশলৈ কেইবাটাও সংস্কাৰ আনিছিল আৰু দেশত কল্যাণমূলক আঁচনি প্ৰৱৰ্তন কৰিছিল ।
বৰ্তমান সময়ত কংগ্ৰেছ
কংগ্ৰেছ হৈছে দেশত স্বাস্থ্যসেৱা আঁচনিৰ স্বীকৃতি আৰু প্ৰৱৰ্তন কৰা প্ৰথম ৰাজনৈতিক দল আৰু দলটোৱে স্বাস্থ্যৰ অধিকাৰত বিশ্বাস কৰে ।
শিক্ষা
কংগ্ৰেছে ২০০৯ চনত শিক্ষাৰ অধিকাৰ (আৰ টি ই) আইন আনিছিল । এই আইনৰ জৰিয়তে ৬ বছৰৰ পৰা ১৪ বছৰ বয়সৰ শিশুৰ বাবে শিক্ষাৰ পৰিৱৰ্তন ঘটাইছিল ।
পৰিৱেশ
কংগ্ৰেছৰ দ্ৰুত, সামগ্ৰিক আৰু বহনক্ষম বিকাশৰ প্ৰতি গভীৰ প্ৰতিশ্ৰুতি আছে আৰু ইয়াৰ পৰিৱেশতন্ত্ৰ আৰু উদ্ভিদ আৰু প্ৰাণীৰ সুৰক্ষাৰ বাবে দায়বদ্ধতা আছে ।