বহুকেইজন ৰাজনৈতিক নেতা আৰু পৰিয়ালে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙক দিল্লীৰ নিগমবোধ ঘাটত সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ।
নিগমবোধ ঘাটত পঞ্চভূতত বিলীন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ নশ্বৰ দেহ - MANMOHAN SINGH FUNERAL LIVE UPDATES
Published : 14 hours ago
|Updated : 12 hours ago
নতুন দিল্লী: পঞ্চভূতত বিলীন হ'ল প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ নশ্বৰ দেহ । শনিবাৰে সম্পূৰ্ণ ৰাষ্ট্ৰীয় সন্মানেৰে সম্পন্ন কৰা হয় প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ অন্তেষ্টিক্ৰিয়া । অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা স্থলীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখেৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আৰু অন্যান্য বিশিষ্ট নেতাসকল উপস্থিত থাকি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে ।
উল্লেখ্য যে তেওঁ ভাৰতৰ ত্ৰয়োদশ প্ৰধানমন্ত্ৰী হোৱাৰ উপৰিও এই সন্মানীয় পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী শিখ নেতা আছিল । প্ৰয়াত সিঙে ২০০৪ চনৰ মে' মাহৰ পৰা ২০১৪ চনৰ মে' মাহলৈ কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ নেতৃত্ব দিছিল । বৃহস্পতিবাৰে নিশা ৮:০৬ বজাত তেওঁক নতুন দিল্লীৰ এইমছত জৰুৰীকালীনভাৱে ভৰ্তি কৰোৱা হয় যদিও নিশা ৯:৫১ বজাত তেওঁক মৃত ঘোষণা কৰে চিকিৎসকে । ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ হাতত কংগ্ৰেছৰ পৰাজয়ৰ পিছত ৰাজহুৱা জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা ড৹ মনমোহন সিঙে ২০২৩ চনৰ আগষ্টত ৰাজ্যসভাত অন্তিমবাৰ ৰাজহুৱাভাৱে উপস্থিত হৈছিল । কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ সন্মানাৰ্থে সাতদিনীয়া শোক ঘোষণা কৰে ।
LIVE FEED
সম্পূৰ্ণ ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ল প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ
প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ অন্ত্যেষ্টিক্ৰিয়াত আৱেগিক মুহূৰ্ত
নেতা আৰু পৰিয়ালে শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ নশ্বৰ দেহ দিল্লীৰ নিগমবোধ ঘাটলৈ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে লৈ যোৱা হৈছে । শোভাযাত্ৰা কৰি লৈ যোৱা হয় ঘাটলৈ । ইয়াৰ পিছত, অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব ।
প্ৰধানমন্ত্ৰী মোদীয়ে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে ড৹ সিঙক
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিগমবোধ ঘাটত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ অন্ত্যেষ্টিক্ৰিয়া শীঘ্ৰেই সম্পন্ন হ'ব ।
ভূটানৰ ৰজাৰ শেষ শ্ৰদ্ধাঞ্জলি ড৹ সিঙক
ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকে নিগমবোধ ঘাটত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে, য'ত তেওঁৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হ'ব ।
প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ অন্ত্যেষ্টিক্ৰিয়া আৰম্ভ হৈছে
প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ অন্ত্যেষ্টিক্ৰিয়া আৰম্ভ হৈছে । অনুষ্ঠানটোত উপস্থিত আছে ৰাষ্ট্ৰপতি মুৰ্মু, প্ৰধানমন্ত্ৰী মোদী, ৰাজনাথ সিং, অমিত শ্বাহ আৰু অন্যান্য জ্যেষ্ঠ নেতাসকল ।
ৰাষ্ট্ৰপতি মুৰ্মুৱে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰীক
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙক শেষ শ্ৰদ্ধাঞ্জলি জে পি নাড্ডাৰ
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাই নিগমবোধ ঘাটত উপস্থিত হৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । শীঘ্ৰেই তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু অন্যান্য জ্যেষ্ঠ নেতাসকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ৰাজঘাটত উপস্থিত
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু অন্যান্য জ্যেষ্ঠ নেতাসকলে ৰাজঘাটত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নশ্বৰ দেহ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে লৈ যোৱা হৈছে
প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নশ্বৰ দেহ অন্তিম সংস্কাৰৰ বাবে নিগমবোধ ঘাটলৈ অনা হয় । ৰাজ্যিক সন্মান প্ৰদান কৰা হৈছে প্ৰয়াত ড৹ সিঙৰ প্ৰতি ।
প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল'বলৈ নিগমবোধ ঘাটত উপস্থিত অমিত শ্বাহ
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল'বলৈ নিগমবোধ ঘাটত উপস্থিত হয় । শীঘ্ৰে আৰম্ভ হ'ব অন্ত্যেষ্টিক্ৰিয়া প্ৰক্ৰিয়া ।