ETV Bharat / state

১১৭ সংখ্যক জন্মদিৱস; তেজপুৰত অৱহেলিত কলাগুৰুৰ আবক্ষ মূৰ্তি - BISHNU PRASAD RABHA STATUE

তেজপুৰত আজিও অৱহেলিত হৈ আছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আবক্ষ মূৰ্তি ।

Bishnu Prasad Rabha Birth Anniversary
তেজপুৰত অৱহেলিত কলাগুৰুৰ আৱক্ষ মূৰ্তি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 31, 2025, 12:55 PM IST

তেজপুৰ : আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ১১৭ সংখ্যক জন্মদিন । তেজপুৰত থকা কলাগুৰুৰ সমাধিত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে এই দিনটো উদযাপন কৰা হৈছে । কিন্তু তেজপুৰত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আবক্ষ মূৰ্তিসহ প্ৰস্তাৱিত কলাক্ষেত্ৰ চৌহদৰ কদৰ্যৰূপে সকলোকে আচৰিত কৰি তুলিছে ।

উল্লেখ্য যে তেজপুৰৰ জয়মতী পথাৰৰ সমীপৰ ৪ বিঘা ৩ কঠা মাটিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত এখন কলাক্ষেত্ৰ স্থাপনৰ পৰিকল্পনা কৰা হৈছে ৷ কিন্তু তাত থকা কলাগুৰুৰ আবক্ষ মূৰ্তিৰ চৌদিশ আৰু চৌহদটোত এতিয়া লেতেৰা আৱৰ্জনাময় পৰিৱেশ ৷ তেজপুৰ পৌৰসভা আৰু শোণিতপুৰ প্ৰশাসনৰ চূড়ান্ত অৱহেলাৰ পৰিণতিতে এতিয়া এই পৰিস্থিতিৰ সৃষ্টি হৈছে ।

Bishnu Prasad Rabha Birth Anniversary
তেজপুৰত অৱহেলিত কলাগুৰুৰ আৱক্ষ মূৰ্তি (ETV Bharat)

কলাগুৰু কলাক্ষেত্ৰৰ প্ৰস্তাৱ

লক্ষণীয়ভাৱে দীৰ্ঘদিনৰ পৰাই তেজপুৰত শিল্পীগৰাকীৰ স্মৃতিত এক প্ৰকল্প গঢ়ি তোলাৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন হৈ আহিছে যদিও সেয়া কাৰ্যতঃ বাস্তৱায়িত নহ'ল ৷ তাৰ মাজতে ঐতিহ্য সুৰক্ষা মঞ্চ, অসম নামৰ সংস্থাটোৱে তেজপুৰৰ জয়মতী পথাৰৰ সমীপৰ এই ৪ বঘা ভূমিত শিল্পীগৰাকীৰ স্মৃতিত এখন কলাক্ষেত্ৰ গঢ়ি তোলাৰ পৰিকল্পনা হাতত লোৱাৰ লগতে ইয়াত কলাগুৰুগৰাকীৰ এক আবক্ষ মূৰ্তিও স্থাপন কৰে ৷

পৰৱৰ্তী সময়ত এই ভূমি লাভৰ বাবে একাধিক সংস্থাই চেষ্টা চলাইছিল যদিও পাছত কলাগুৰুৰ স্মৃতিতে ইয়াত কলাক্ষেত্ৰ নিৰ্মাণৰ বাবে বিহীত ব্যৱস্থাৰে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগক গতাই দিয়া হয় ৷

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি অৱহেলা

ইতিমধ্যেই কলাগুৰুৰ আবক্ষ মূৰ্তি ৰাজহুৱাভাৱে স্থাপন হোৱা এই চৌহদৰ প্ৰৱেশদ্বাৰত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা কলাক্ষেত্ৰ হিচাপে নাম লিখা হ'ল ঠিকেই কিন্তু আজিলৈকে ইয়াত কোনো কামহে সেইদৰে আৰম্ভ নহ'ল ৷ ইফালে ২০২১ চনত তেজপুৰৰ বিধায়ক হিচাপে নিৰ্বাচিত হয় কলাগুৰুৰ পুত্ৰ পৃথ্বিৰাজ ৰাভা ৷ কিন্তু তাতোকৈ পৰিতাপৰ কথা যে পৰিষ্কাৰ চহৰ হিচাপে খ্যাত তেজপুৰৰ বিভিন্ন অঞ্চলৰ বাসগৃহ আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা আৱৰ্জনা সংগ্ৰহৰ বাবে তেজপুৰ পৌৰসভাই ঠিকা দিয়া প্ৰতিষ্ঠানসমূহৰ আৱৰ্জনা সংগ্ৰহ কৰিবলৈ যান-বাহন ৰখাৰ বাবে উপযুক্ত স্থান নোহোৱাত চহৰখনৰ বিভিন্ন আৱাসিক অঞ্চলতে এইবোৰ ৰখাক লৈ ৰাইজে আপত্তি দৰ্শোৱাত পৌৰসভাই কলাগুৰুৰ স্মৃতিত নিৰ্মাণ হ'বলগীয়া কলাক্ষেত্ৰৰ চৌহদটোতে সেই যান-বাহন ৰখাৰ ব্যৱস্থা কৰে ৷ পৰিণতিত ক্ৰমান্বয়ে লেতেৰা আৰু আৱৰ্জনাৰে ভৰি পৰিছে কলাগুৰুৰ আবক্ষ মূৰ্তি আৰু ইয়াৰ কাষৰ অঞ্চল ।

আৱৰ্জনাৰে ভৰিছে কলাগুৰুৰ আবক্ষ মূৰ্তি

আবক্ষ মূৰ্তিৰ উদ্বোধনৰ দিনটোতে পিন্ধোৱা গামোচাখনো এতিয়া উৱঁলিছে ৷ আনহাতে ক্ষমতাৰ যুঁজত লিপ্ত তথা বহু অনিয়মৰ অভিযোগ থকা তেজপুৰ পৌৰসভাক পূৰ্বৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই এই বিশেষ চৌহদটোৰ পৰা পৌৰসভাৰ আৱৰ্জনা কঢ়িওৱা যান-বাহনসমূহ আঁতৰাবলৈ নিৰ্দেশ দিছিল যদিও তদানীন্তন পৌৰপতি প্ৰজ্ঞানু ভট্টাচাৰ্যৰ যিদৰে এইক্ষেত্ৰত গা নলৰিল একেদৰে কলাগুৰুৰ জন্মদিনটোৰ প্ৰাকমুহূৰ্ততো চৌহদটো পৰিষ্কাৰ কৰাৰ বাবে তেজপুৰ পৌৰসভা তথা বৰ্তমানৰ পৌৰপতি ৰমেন তামুলীৰো তৎপৰতা পৰিলক্ষিত নহ'ল ৷ এনে অৱস্থাতে এতিয়া কলাগুৰুৰ স্মৃতিত কলাক্ষেত্ৰ গঢ়িবলৈ আৱণ্টিত চৌহদটোও পৌৰসভাই যি কদৰ্যৰূপলৈ পৰিণত কৰিছে সেয়া দেখি তেজপুৰ পৌৰসভা আৰু প্ৰশাসনক বিভিন্নজনে ধিক্কাৰ দিছে ৷

উল্লেখ্য যে, এই চৌহদটোত দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ থলুৱা সংস্কৃতিৰ সকলো তথ্য উপলব্ধ হোৱাকৈ তথা গৱেষণাৰ বাবে এটা তথ্যভঁৰাল, আৰ্কাইভ তথা পুথিভঁৰাল, শিল্পী তথা কলা-কুশলীৰ বাবে অতিথিশালা, ১০০০ লোক বহিব পৰাকৈ উন্নত প্ৰেক্ষাগৃহ, এটা অতি উন্নতমানৰ ষ্টুডিঅ' আদিৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা কলাক্ষেত্ৰ গঢ়ি তোলাৰ বাবে জিলা প্ৰশাসনৰ অনুমোদনেৰে ঐতিহ্য সুৰক্ষা মঞ্চই ৩৭ কোটি টকীয়া অভিলাষী প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ আয়োগৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছে ৷ কিন্তু সেয়া কাৰ্যতঃ হৈ উঠালৈ সম্প্ৰতি কলাগুৰু তথা সৈনিক শিল্পীৰ প্ৰতি প্ৰদৰ্শিত এই অৱহেলাই সৰ্বসাধাৰণক ক্ষোভিত কৰিছে ৷

লগতে পঢ়ক :পূৰ্বপুৰুষক স্মৰণ কৰি আমগুৰিত আয়োজন মে-ডাম-মে-ফি - ME DAM ME PHI 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.