পদূলিয়ে পদূলিয়ে নহয় ৰাইজৰ হৃদয়লৈ যাব বিজেপি: হিমন্ত বিশ্ব শৰ্মা - বিজেপি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 10, 2021, 5:48 PM IST

Updated : Mar 10, 2021, 7:01 PM IST

পদূলিয়ে পদূলিয়ে নহয় ৰাইজৰ হৃদয়লৈ যাব বিজেপি ৷ বিজেপিয়ে ৰাইজৰ পদূলি শুঙি নুফুৰে বুলি কৈ এটা নৱগঠিত আঞ্চলিক দলক তীব্ৰ সমালোচনা কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ কমলপুৰ বিধানসভা সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী দিগন্ত কলিতাৰ মনোনয়ন দাখিলৰ প্ৰাকক্ষণত হিমন্ত বিশ্ব শৰ্মাৰ বিশাল শোভাযাত্ৰা । বিশাল সমদলেৰে কমলপুৰত চমক সৃষ্টি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ ৫৬ন‌ং কমলপুৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী দিগন্ত কলিতাৰ মনোনয়ন দাখিলৰ প্ৰাকক্ষণত হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে এক বিশাল জনসভাত । বাইহাটা শিৱ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এই জনসভাত কংগ্ৰেছ এআইইউডিএফ দলক ক্ষুৰধাৰ সমালোচনা মন্ত্ৰী হিমন্তৰ । ইফালে কমলপুৰ সমষ্টি অগপ দলে বিজেপিক এৰি দিয়া বাবে অগপ নেতৃত্বক ধন্যবাদ জ্ঞাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে কৰা সাম্প্ৰদায়িক মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ হিমন্ত বিশ্ব শৰ্মাৰ । বদৰুদ্দিন আজমলে কৰা মন্তব্যৰ ক্লিপ নিৰ্বাচন আয়োগক জব্দ কৰাৰ দাবী মন্ত্ৰীগৰাকীৰ । ইফালে মন্ত্ৰীগৰাকীক হত্যাৰ ষড়যন্ত্ৰ কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ।
Last Updated : Mar 10, 2021, 7:01 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.