thumbnail

By

Published : Oct 8, 2021, 1:31 PM IST

ETV Bharat / Videos

গোলাঘাটৰ প্ৰতিখন থানাত প্ৰাথমিক চিকিৎসা সেৱাৰ উপকৰণ বিতৰণ

গোলাঘাটৰ প্ৰতিখন থানাত পৰিবহণ বিভাগৰ উদ্যোগত প্ৰাথমিক চিকিৎসা সেৱাৰ উপকৰণ বিতৰণ ৷ আৰক্ষী থানাতেই দুৰ্ঘটনাত পতিত লোকক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ লক্ষ্য ৰাখি জিলাখনৰ আৰক্ষী থানাসমূহত বিভাগটোৱে একোখনকৈ ষ্টেচাৰৰ লগতে প্ৰাথমিক চিকিৎসাৰ বাবে প্ৰয়োজনীয় প্ৰতিটো সা-সামগ্ৰী বিতৰণ কৰে ৷ সাধাৰণতে দেখা যায় যে, সততে হোৱা যান-বাহন দুৰ্ঘটনাৰ সময়ত প্ৰাথমিক চিকিৎসা সেৱাৰ অসুবিধাৰ বাবেই বহু লোক মৃত্যুমুখত পৰে ৷ চিকিৎসালয়লৈ নিয়াৰ সময়ছোৱাত বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা পৰিস্থিতিৰ ৰোধ কৰাৰ বাবেই গোলাঘাট জিলা পৰিবহন বিভাগে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.