বিলুপ্তিৰ গৰাহত গৌৰীপুৰৰ ঐতিহ্যপূৰ্ণ হাৱাখানা - ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাই
🎬 Watch Now: Feature Video
সংৰক্ষণৰ অভাৱত জহি খহি যাবলৈ ধৰিছে মটীয়াবাগৰ ঐতিহ্যপূৰ্ণ হাৱাখানা। গৌৰীপুৰৰ জমিদাৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাই নিৰ্মাণ কৰা প্ৰাসাদটোৰ সংৰক্ষণৰ বাবে আগুৱাই নাহিল কোনো এখন চৰকাৰ । ১৯০৪ চনত গৌৰীপুৰৰ জমিদাৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাই সুদূৰ চীনৰ কাৰিকৰ আনি মটীয়াবাগৰ পাহাৰৰ ওপৰত অৱসৰ বিনোদনৰ বাবে নিৰ্মাণ কৰিছিল এই ৰাজহাউলীটো । হাৱাখানা নামেৰে বিখ্যাত মটীয়াবাগৰ এই ৰাজহাউলীটো সম্পূৰ্ণৰূপে গঢ়ি উঠিবলৈ প্ৰায় দহ বছৰ সময়ৰ প্ৰয়োজন হৈছিল ।