জলমগ্ন তেজপুৰৰ ঐতিহ্যমণ্ডিত গণেশমন্দিৰ

By

Published : Jul 14, 2020, 12:59 PM IST

thumbnail
ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত প্লাৱিত হ'ল তেজপুৰৰ গণেশ ঘাটৰ গণেশ মন্দিৰ ৷ প্ৰশাসনৰ লোকে মেচিনৰ জৰিয়তে মন্দিৰৰ পৰা পানী নিষ্কাশন ব্যৱস্থা গ্ৰহণ কৰিছে ৷ জানিব পৰা মতে, তেজপুৰৰ গণেশ ঘাটত ব্ৰহ্মপুত্ৰৰ পানীয়ে বিপদসীমা অতিক্ৰম কৰি ৬৬.৫১ মিটাৰলৈকে বৈ আছে । ইয়াৰোপৰি শোণিতপুৰ জিলাত বৰ্তমানলৈকে ৩ টা ৰাজহ চক্ৰত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ৩৪খন গাঁও জলমগ্ন কৰিছে ৷ তেজপুৰ বিহগুৰি ,বাঁহবাৰী, দ, বেচেৰীয়া, ৰঙা মাটি, নিজ বিহগুৰি, ব্ৰডুবিয়া,জাকৰা চুবুৰী ,পিঠাখুৱা, পুঠিমাৰি আৰু জাৰণি অঞ্চল সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে ৷ ইফালে বিপদসীমা অতিক্ৰম কৰি শোণিতপুৰ জিলাৰ ব্ৰহ্মপুত্ৰৰ উপনৈ জীয়া ভৰলী ৭৩.৭২, বেলশিৰী ৬৩.৬৯, গাভৰু ৬৮.৯৮, ডিপোটা নদীৰ পানী ৬৪.৭২ মিটাৰ ওপৰেৰে বৈ আছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.