কৃষকৰ ম্যাদিপট্টা মাটিৰ ওপৰেদি মথাউৰি নিৰ্মাণৰ কামত ৰাইজৰ বাধা - Farmers protest in Assam

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 3, 2022, 2:19 PM IST

বৰপেটাৰ জনীয়াৰ ৰূপাকুছি গাঁৱত ঠিকাদাৰে নিজৰ ইচ্ছামতে একাংশ কৃষকৰ ম্যাদিপট্টা থকা মাটিৰ ওপৰেদি মথাউৰি পুনৰ নিৰ্মাণৰ(Embarkment constructed over Farmers Land) কাম কৰা বুলি অভিযোগ তুলি নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়ে ৷ উল্লেখ্য যে, জনীয়া সমষ্টিৰ কাদঙৰ পৰা ৰূপাকুছি হৈ ছাপৰা লৈ যোৱা চাউলখোৱা নৈৰ পাৰে পাৰে থকা মথাউৰিৰ পুনৰ নিৰ্মাণৰ কাম চলি আছে ৷ এই নিৰ্মাণকাৰ্যৰ ফলত ৰূপাকুছিত পুৰণা মথাউৰি বাদ দি প্ৰায় ২০ লক্ষাধিক টকাৰ কৃষিভূমিৰ লগতে গছ-গছনি কাটি তহিলং কৰা হৈছে ৷ তদুপৰি একাংশ কৃষকৰ ম্যাদিপট্টা মাটিৰ ওপৰেদি মথাউৰি নিৰ্মাণ কৰিছে ঠিকাদাৰে ৷ কৃষকসকলক কোনোধৰণৰ ক্ষতিপূৰণ নিদিয়াকৈ মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰাত ক্ষোভিত হৈ পৰে ভুক্তভোগী ৰাইজ । যাৰবাবে বৃহস্পতিবাৰে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে ভুক্তভোগী কৃষকে (Farmers protest at Barpeta) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.