thumbnail

বাৰিষা আহিলেই ভয়ংকৰ দুৰ্যোগৰ আশংকাত ভুগে টীয়কবাসী

By

Published : May 28, 2021, 5:19 PM IST

জলসম্পদ বিভাগৰ চৰম দায়িত্বজ্ঞানহীন কাৰ্যৰ ফল আগন্তুক বাৰিষাৰ সময়চোৱাত ভোগ কৰিব লাগিব টীয়কৰ বনাই চাপৰিচুক অঞ্চলৰ ৰাইজে । কিয়নো জাঁজী নদীৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰি বনাই চাপৰিচুক মথাউৰিটোৰ প্ৰতি ভাবুকি নমাই আনিছে । বিগত বছৰৰ বাৰিষা নদীৰ বাঢ়নী পানীয়ে মথাউৰিটোৰ প্ৰতি নমাই অনা ভাবুকিৰ বাবে অঞ্চলবাসীয়ে উজাগৰী নিশা মথাউৰিৰ ওপৰত কটাব লগা হৈছিল । বৰ্তমান নদীখন মথাউৰিৰ গাতে লাগি যোৱাত আগন্তুক বাৰিষা সময়ছোৱা পুনৰ দুৰ্যোগৰ সন্মুখীন হোৱাৰ আশংকাই দেখা দিছে । ৰাইজে জাঁজী নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে বাৰম্বাৰ দাবী জনোৱাৰ পাছতো খৰালি সময় চোৱাত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে জলসম্পদ বিভাগটোৱে।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.