ৰঙাপৰাৰ জামুনবিলত এটা বনৰীয়া হাতীৰ মুক্ত বিচৰণ

By

Published : Sep 22, 2021, 6:45 PM IST

thumbnail
বন্যহস্তীৰ ত্ৰাসত ত্ৰস্তমান শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ৰাইজ । নিতৌ বনৰীয়া হাতীয়ে ৰঙাপৰাৰ বিভিন্ন অঞ্চলত উপদ্ৰৱ চলায় । কপালৰ ঘাম মাটিত পেলাই দৰিদ্ৰ কৃষকে কৰা ধান খেতি বনৰীয়া হাতীয়ে খাই-গচকি তহিলং কৰে । এতিয়া কৃষকসকলে মূৰে-কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে । বুধবাৰে দিনৰ ভাগতো ৰঙাপৰাৰ জামুনবিলত এটা বনৰীয়া দঁতাল হাতীয়ে ধাননি পথাৰত প্ৰৱেশ কৰি ধান খাই-গচকি নষ্ট কৰে । ৰাইজে খেদিবলৈ চেষ্টা কৰে যদিও হাতীটো বহ সময় ধৰি কৃষি পথাৰতে থাকে । জানিব পৰা মতে জামুনবিলত বনৰীয়া হাতীয়ে এতিয়ালৈকে প্ৰায় ৪০-৫০ বিঘা ধান খেতি নষ্ট কৰিছে । আনহাতে, অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰৱ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে । হাতী খেদাত বন বিভাগো ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে । ইতিমধ্যে, ৰঙাপৰাত হাতীৰ আক্ৰমণ বহু লোকে প্ৰাণ হেৰুৱাইছে । সেয়ে, খাদ্যৰ সন্ধানত হাতী জনাঞ্চললৈ ওলাই অহাৰ উমান পালেই আতংকিত হৈ পৰে ৰাইজ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.