thumbnail

By

Published : Mar 30, 2021, 2:13 PM IST

ETV Bharat / Videos

নগাঁৱত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা

নগাঁও সদৰ সমষ্টিৰ ৰঙাগড়া হুজ মণ্ডল কংগ্ৰেছৰ উদ্যোগত সোমবাৰে নিশা এ পি জে আব্দুল কালাম ভৱনত কংগ্ৰেছৰ এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয় । সভাত সদৰ সমষ্টিৰ কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী শান্তনু শৰ্মাৰ হৈ প্ৰচাৰ চলাই কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে । সভাত কেইবা হাজাৰ লোকৰ উপস্থিতিত ৰকিবুল হুছেইনে ভোটাৰ ৰাইজক কংগ্ৰেছৰ পাঁচটা গেৰাণ্টিৰ লগতে বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰে । সভাত ভাষণ দি দেৱব্ৰত শইকীয়াই কয় - বিজেপিয়ে কোৱা ভাল দিন কেতিয়াও নাহিল । তেওঁ ভোটাৰসকলক অসমৰ উন্নয়নৰ স্বাৰ্থত কংগ্ৰেছ দলক ভোট দি জয়ী কৰাবলৈ আহ্বান জনায় । সভাতেই শতাধিক লোকে কংগ্ৰেছ দলৰ প্ৰতি আকৃষ্ট হৈ বিভিন্ন ৰাজনৈতিক দলৰ পৰা আহি কংগ্ৰেছত যোগদান কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.