মৰিয়নীত ৰূপজ্যোতি কুৰ্মীৰ হৈ নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী সঞ্জয় কিষাণৰ

By

Published : Oct 25, 2021, 2:03 PM IST

thumbnail
সোমবাৰে মৰিয়নী সমষ্টি(Mariani Constituency)ত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী সভাত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণ(Sanjoy Kishan) ৷ চাহ জনগোষ্ঠী(Tea Tribe)ৰ জনতাৰ উন্নয়নৰ স্বাৰ্থত উপ-নিৰ্বাচন(By Election)ত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী(Rupjyoti Kurmi)ৰ পক্ষত ভোট দিবলৈ ৰাইজক আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ৷ ৰূপজ্যোতি কুৰ্মী জয়ী হ’লে চৰকাৰৰ বহু অভিলাষী আঁচনি মৰিয়নীবাসীয়ে লাভ কৰিব বুলি তেওঁ প্ৰচাৰ সভাত ঘোষণা কৰে ৷ আনহাতে, চাহ জনগোষ্ঠীয় অন্য এগৰাকী নেতা জয়ী হৈ মন্ত্ৰীত্বৰ দাবীদাৰ হ’লে প্ৰতিক্ৰিয়া কি হ’ব বুলি সোধা সাংবাদিকৰ প্ৰশ্নত পৰৱৰ্তী সময়ত দলে যি সিদ্ধান্ত লয়, তাতেই সন্তুষ্ট থাকিব বুলি মন্তব্য কৰে মন্ত্ৰী সঞ্জয় কিষাণে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.