thumbnail

গোলাঘাটৰ বৰপথাৰত নকল সোণ(duplicate gold seized) সহ তিনি আটক

By

Published : Nov 27, 2021, 8:18 AM IST

গোলাঘাট জিলাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত তামুলী গাঁৱত শুকুৰবাৰে নকল সোণসহ তিনিজন সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰে (duplicate gold seized) ৷ নকল সোণ সৰবৰাহকাৰীকেইজন ক্ৰমে মেৰাপানী থানাৰ অন্তৰ্গত চাওদাং পথাৰৰ জগনাথ শইকীয়া(৩৫), ঘিলাধাৰী থানাৰ মাহীমেলিয়াৰ গকুল বৰা(৩৯) আৰু হিমন্ত হাজৰিকা(৩০) বুলি জানিব পৰা গৈছে । ধৃত লোককেইজনৰ পৰা আৰক্ষীয়ে ১২০ গ্ৰাম সোণ, নগদ ১৫,২১০ টকা আৰু তিনিটা ম’বাইল হেণ্ডছেট উদ্ধাৰ কৰিবলৈ সক্ষম হয় । দলটোৱে সোণখিনি বিক্ৰী কৰিবৰ বাবে কিছুদিনৰ পৰা গোপনে বৰপথাৰৰ আশে-পাশে গ্ৰাহকৰ সন্ধানত আছিল ৷ এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ধনশিৰিৰ মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা আৰু বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰেমধৰ শইকীয়াৰ নেতৃত্বত যোৱা এটা দলে দুষ্ট চক্ৰটোক গাঁৱখনৰ পৰা আটক কৰিবলৈ সক্ষম হয় । ইপিনে পৰীক্ষাৰ অন্ত সোণখিনি নকল বুলি নিশ্চিত হয় আৰক্ষী ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.