Anti Drug mission: মহানগৰীত ড্ৰাগছসহ আটক এজন - ড্ৰাগছ বিৰোধী অভিযান
🎬 Watch Now: Feature Video

মহানগৰীত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti Drug mission in Guwahati) ৷ সোমবাৰে এক গোপন খবৰৰ ভিত্তিত গড়চুক আৰক্ষীয়ে চলোৱা অভিযানত গুৱাহাটীৰ ISBTৰ পৰা জব্দ কৰা হয় ৫০০ গ্ৰাম হেৰ’ইন ৷ মণিপুৰৰ পৰা বাছেৰে সৰবৰাহ কৰা অৱস্থাত ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা হয় তচেৰ আলী নামৰ সৰবৰাহকাৰীটোক (Drug peddler arrested in Guwahati) ৷ এই সন্দৰ্ভত মহানগৰৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই কয় যে, ড্ৰাগছ সৰবৰাহকাৰীসকলে ড্ৰাগছ সৰবৰাহৰ কৌশল সলনি কৰিছে । আই এছ বি টিত বাছৰ পৰা জব্দ হোৱা ৫০০ গ্ৰাম হেৰ’ইন মনিপুৰৰ পৰা গুৱাহাটী হৈ মানকাছাৰলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰীয়ে । জব্দ হোৱা হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য প্ৰায় ৪ কোটি টকা ।