টুইটাৰত নহয় বাস্তৱত সীমা সমস্যা আলোচনা কৰাৰ আহ্বান ৰাইজৰ দলৰ - ৰাইজৰ দল
🎬 Watch Now: Feature Video

অসম-মিজোৰাম সীমান্তত উত্তেজনা অব্যাহত ৷ মিজোৰ গুলীত নিহত পাঁচগৰাকী অসম আৰক্ষীৰ জোৱান । উক্ত ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যোৰহাট জিলাৰ ৰাইজৰ দলৰ সভাপতি দিব্যজ্যোতি শৰ্মাই ৷ অসম চৰকাৰৰ আন্তঃৰাজ্যিক সম্পৰ্ক বিফল হৈছে ৷ নেডাৰ নামত কেৱল ৰাজনীতি কৰে হিমন্ত বিশ্ব শৰ্মাই- এই মন্তব্য ৰাইজৰ দলৰ যোৰহাট জিলাৰ সভাপতিগৰাকীৰ ৷ স্বাধীনতাৰ সময়ৰ পৰা ৰাজ্যখনৰ সীমা নিৰ্ধাৰণৰ সমস্যা সমাধান কৰাৰ বাবে কোনো এখন চৰকাৰে গুৰুত্ব আৰোপ নকৰিলে । যাৰ ফলত কাছাৰত এক হৃদয় বিদাৰক ঘটনা সংঘটিত হ’বলৈ পালে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দিব্যজ্যোতি শৰ্মাই ৷ টুইটাৰত নহয়, বাস্তৱত আলোচনা কৰক, অসমৰ সীমা সুৰক্ষিত কৰক-এইবুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাইদলৰ দলৰ দিব্যজ্যোতি শৰ্মাই ৷