thumbnail

ক'ভিড চিকিৎসালয়ত গোৱালপৰীয়া গীতৰ তালে-তালে নৃত্য

By

Published : Aug 30, 2020, 10:28 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো উদ্বেগজনক ভাবে বৃদ্ধি পাই ক’ভিড-১৯ ৰ আক্ৰান্তৰ সংখ্যা । জিলাখনত দেওবাৰ দিনটোত নতুনকৈ 41 গৰাকী লোকৰ দেহত কৰ’ণা ভাইৰাছৰ অৱস্থিতি পোৱা বুলি স্বাস্থ্য বিভাগৰ এটি সূত্ৰই জানিবলৈ দিয়ে । আনহাতে বৰ্তমানলৈকে জিলাখনত মুঠ 2,718 গৰাকী লোক ক'ভিড-১৯ত আক্ৰান্ত হৈছে । অৱশ্যে ইয়াৰে 2,275 গৰাকী লোক ইতিমধ্যে সুস্থ হৈ উঠাৰ বিপৰীতে বৰ্তমানে 443 গৰাকী লোক চিকিৎসাধীন হৈ আছে ৷ কিন্তু ইয়াৰ মাজতে ধুবুৰী জিলাৰ কিছমত হাছদহ ক’ভিড হাস্পতালকে ধৰি একাংশ হাস্পতালত ক’ভিড ৰোগীয়ে স্বাস্থ্য কৰ্মীৰ সৈতে আনন্দ মনে গোৱালপৰীয়া গীতৰ তালে-তালে নৃত্য কৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । উল্লেখযোগ্য যে, মহামাৰী ক’ভিড-19 ত আক্ৰান্ত ৰোগী সমূহ প্ৰথমাৱস্থাত চিন্তিত হৈ পৰিছিল যদিও সম্প্ৰতি ৰোগী সকলৰ মাজত দেখা পোৱা যোৱা নাই তেনে ভয় বা আতংকৰ পৰিৱেশ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.