ETV Bharat / bharat

অসমত এনকাউণ্টাৰ অতি গুৰুতৰ বিষয় : উচ্চতম ন্যায়ালয়

SC on Assam Encounter : শীৰ্ষ ন্যায়ালয়ে বিগত বছৰৰ জুলাইত উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনোৱা আবেদনৰ ওপৰত অসম চৰকাৰ আৰু আনসকলৰ পৰা উত্তৰ বিচাৰিছে ।

SC on Assam Encounter
প্ৰতীকী ফটো (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

নতুন দিল্লী : অসমত এনকাউণ্টাৰ সন্দৰ্ভত দেশৰ শীৰ্ষ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ । উচ্চতম ন্যায়ালয়ে মঙলবাৰে কয় যে ২০২১ চনৰ মে' মাহৰ পৰা ২০২২ চনৰ আগষ্টলৈকে অসমত ১৭১ টা আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা উদ্বেগজনক । লগতে এই বিষয়বোৰত চলোৱা তদন্তৰ বিষয়ে বিৱৰণ বিচাৰি ইয়াক 'অতি গুৰুতৰ বিষয়' হিচাপে উল্লেখ কৰি কয় যে মানৱ অধিকাৰ আয়োগে সত্যটো জানিবলৈ প্ৰয়োজনীয় পদ্ধতি ব্যৱহাৰ কৰা উচিত ।

ন্যায়াধীশ সূৰ্য কান্ত আৰু উজ্জল ভূঞাৰে গঠিত এখন বিচাৰপীঠে কয় : "এইটো এটা অতি গুৰুতৰ বিষয় । এশ এসত্তৰটা ঘটনা উদ্বেগজনক...।"

শীৰ্ষ ন্যায়ালয়ে ৰাজ্যখনক এই ১৭১ টা ঘটনাৰ বিৱৰণ দাখিল কৰিবলৈও কয় । ইয়াৰ ভিতৰত আছে এই গোচৰবোৰৰ তদন্ত কোনে কৰিছিল আৰু এই গোচৰবোৰৰ ফলাফল কি আছিল । বিচাৰপীঠে কয়, "ৰাজ্যখনৰ অতীত অতি সমস্যাজৰ্জৰ ।"

শীৰ্ষ ন্যায়ালয়ে ২০২৩ চনৰ জানুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰা আদেশৰ বিৰুদ্ধে এক আবেদনৰ শুনানি গ্ৰহণ কৰি এইকথা কয় । লগতে অসম আৰক্ষীয়ে এই এনকাউণ্টাৰ সম্পৰ্কীয় বিষয়টো উত্থাপন কৰা এখন পি আই এল খাৰিজ কৰে । উচ্চ ন্যায়ালয়ৰ সন্মুখত আবেদনকাৰীয়ে দাবী কৰিছিল যে ২০২১ চনৰ মে' মাহত অসম আৰক্ষীয়ে লেখ আবেদন দাখিল কৰাৰ তাৰিখলৈকে ৮০ টাতকৈও অধিক 'ভুৱা এনকাউণ্টাৰ' সংঘটিত কৰিছিল ।

মঙলবাৰে শুনানিৰ সময়ত আবেদনকাৰী আৰিফ মহম্মদ য়াছিন জোৱাড্ডাৰক প্ৰতিনিধিত্ব কৰা অধিবক্তা প্ৰশান্ত ভূষণে বিচাৰপীঠৰ সন্মুখত দাবী কৰে যে অসমত বৃহৎসংখ্যক এনকাউণ্টাৰ সংঘটিত হৈছে ।

আনহাতে, অসম চৰকাৰক প্ৰতিনিধিত্ব কৰা এগৰাকী অধিবক্তাই কয় যে উচ্চ ন্যায়ালয়ে পি আই এলৰ বিচাৰ কৰাৰ বাবে আগ্ৰহী নহয় আৰু ইয়াক অপৰিক্ব বুলি অভিহিত কৰে । বিচাৰপীঠে কয়, "এনে ধৰণৰ আবেদনক অপৰিপক্ব বুলি আঁতৰাই ৰাখিব নোৱাৰি ।"

বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে এইটো এটা প্ৰতিকূল গোচৰ নহয় আৰু ই বিষয়টোৰ সংবেদনশীলতা আৰু ৰাজ্যখনৰ ভৌগোলিক অৱস্থানৰ বিষয়েও সচেতন ।

আনহাতে, ভূষণে যুক্তি দিয়ে যে ৰাজ্যিক আৰক্ষীয়ে নিৰ্দেশনাবোৰ পালন কৰা নাছিল, যিবোৰ শীৰ্ষ ন্যায়ালয়ে আৰক্ষীৰ এনকাউণ্টাৰ গোচৰৰ তদন্তত অনুসৰণ কৰিবলগা প্ৰক্ৰিয়াৰ ওপৰত এক ৰায়ত 2014 চনত জাৰি কৰিছিল । ভূষণে এই কথা জোৰ দি কয় যে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু অসম মানৱ অধিকাৰ আয়োগে এই গোচৰবোৰত আইনে নিৰ্ধাৰণ কৰি দিয়া তেওঁলোকৰ কৰ্তব্য পালন কৰা নাছিল ।

বিচাৰপীঠে নাগৰিক স্বাধীনতাৰ বিষয়ত মানৱ অধিকাৰ আয়োগক প্ৰতিনিধিত্ব কৰা অধিবক্তাক কয় যে উচ্চতম ন্যায়ালয়ে তেওঁক এই ক্ষেত্ৰত আগৰ শাৰীত থাকিব বুলি আশা কৰে । বিচাৰপীঠে এইকথা জোৰ দি কয় যে এবাৰ মানৱ অধিকাৰ আয়োগে এখন পত্ৰ বা অভিযোগ লাভ কৰাৰ পিচত অভিযোগকাৰীৰ তেওঁলোকৰ ওচৰলৈ আহিব বুলি অপেক্ষা কৰাটো উচিত নহয় ।

"আপুনি সত্যটো জানিবলৈ আপোনালোকৰ পদ্ধতি ব্যৱহাৰ কৰক ।" বিচাৰপীঠে কয় । শীৰ্ষ ন্যায়ালয়ে এইকথাও কয় যে যদি এই ক্ষেত্ৰত আদেশ থাকে, তেন্তে তাক পালন কৰাটো প্ৰয়োজন । লগতে ৰাজ্যক প্ৰতিনিধিত্ব কৰা অধিবক্তাক কয়, "আপুনি আইনৰ আদেশ অনুসৰণ কৰিব লাগিব ।"

উল্লেখ্য যে শীৰ্ষ ন্যায়ালয়ক জনোৱা হৈছিল যে উচ্চ ন্যায়ালয়ে নিজৰ নিৰ্দেশত উল্লেখ কৰিছিল যে এই ১৭১ টা গোচৰত পৃথক এজাহাৰ পঞ্জীয়ন কৰা হৈছে । ৰাজ্য চৰকাৰৰ অধিবক্তাই বিচাৰপীঠক আশ্বাস দিয়ে যে কৰ্তৃপক্ষই ২০১৪ চনৰ ৰায়ত শীৰ্ষ ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশনা পালন কৰি আছে ।

অধিবক্তাগৰাকীয়ে পূৰ্বতে কৈছিল, অসমত উগ্ৰবাদ এটা মুখ্য বিষয় আছিল । কিন্তু এতিয়া 'ড্ৰাগছ হৈছে অসমত নতুন যুদ্ধ' । বিচাৰপীঠে কয় যে এই সকলোবোৰ ড্ৰাগছ সম্পৰ্কীয় বিষয় নহয় । শীৰ্ষ ন্যায়ালয়ে বিষয়টো ২৬ নৱেম্বৰত পৰৱৰ্তী শুনানিৰ বাবে নিৰ্ধাৰণ কৰিছে ।

উল্লেখ্য যে উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ দ্বাৰা দাখিল কৰা এখন শপতনামাৰ উদ্ধৃতি দিয়ে । য'ত কোৱা হৈছে যে ২০২১ চনৰ মে' মাহৰ পৰা ২০২২ চনৰ আগষ্টলৈকে ১৭১ টা ঘটনা সংঘটিত হৈছিল আৰু ইয়াত ৫৬ জন লোকৰ মৃত্যু হৈছিল । ইয়াৰ ভিতৰত চাৰিজন আৰক্ষীৰ জিম্মাত আছিল আৰু ১৪৫ জন আহত হৈছিল ।

শীৰ্ষ ন্যায়ালয়ে যোৱা বছৰ জুলাইত উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনোৱা আবেদনৰ ওপৰত অসম চৰকাৰ আৰু আনসকলৰ পৰা উত্তৰ বিচাৰিছে ।

লগতে পঢ়ক :চামগুৰিত পুনৰ নিৰ্বাচনী হিংসা, সমুখ সমৰত কংগ্ৰেছ-বিজেপি
লগতে পঢ়ক :ADREৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে সাজু ! তাৰ পূৰ্বে জানি লওক নীতি-নিৰ্দেশনাবোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.