ETV Bharat / health

GI সন্মান প্ৰাপ্ত অসমৰ বোকা চাউলৰ উপকাৰিতা সম্পৰ্কে জানো আহক

দৈ, মিঠৈ, এৱাঁ গাখীৰ, চেনি আদিৰে সৈতে পৰম্পৰাগত খাদ্য সম্ভাৰ বিশেষকৈ জলপান হিচাপে খোৱা বোকা চাউল আমাৰ স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী জানেনে ?

author img

By ETV Bharat Health Team

Published : 2 hours ago

Updated : 2 hours ago

Let's explore the advantages of the GI-awarded Boka rice from Assam, also known as Komal Saul
GI সন্মান প্ৰাপ্ত অসমৰ বোকা চাউলৰ উপকাৰিতা সম্পৰ্কে জানো আহক (Boka rice from Assam)

বোকা চাউল নামনি অসমত উৎপাদিত হোৱা এক প্ৰকাৰৰ কোমল চাউল । এই চাউল নিসিজোৱাকৈ খাব পাৰি বাবেই বিশেষ সমাদৰ লাভ কৰিছে । কুহুমীয়া বা গৰম পানীত ১০ পৰা ১৫ মিনিট তিয়াই ল’লে বা ঠাণ্ডা পানীত ৩০ মিনিট মান তিয়ালে এই চাউল খোৱাৰ বাবে উপযোগী হৈ পৰে। চনত এই চাউলে ভৌগোলিক স্বীকৃতি লাভ কৰে ।

চহা অসমীয়াৰ এবিধ অনন্য জলপান আৰু আমাৰ সকলোৰে চিনাকি বোকা চাউল বা কোমল চাউলকো ২০১৮ চনত প্ৰদান কৰা হৈছিল জি আই সন্মান ৷ এই চাউলক চকুৱা চাউল বুলিও কোৱা হয় । ৰ'দত শুকুৱাই উপযুক্ত কৰি লোৱা এই চকুৱা অথবা কোমল চাউল আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী আজি ইয়াৰ বিষয়ে জানো আহক-

বোকা চাউল খোৱাৰ উপকাৰিতা তথা পুষ্টিকৰ উপাদান

উল্লেখ্য যে, কুহুমীয়া বা গৰম পানীত ১০ পৰা ১৫ মিনিট তিয়াই ল’লে বা ঠাণ্ডা পানীত ৩০ মিনিট মান তিয়াই ৰাখিলে বোকা চাউল খোৱাৰ বাবে উপযোগী হৈ পৰে । কোমল হোৱাৰ পিচত গুৰ, দৈ, গাখীৰ, কল আদিৰ লগত ইয়াক খোৱা হয় । অসমীয়া লোকে বোকা চাউলক জলপান হিচাপে খাবলৈ খুবেই পচন্দ কৰে । মাঘ বিহুৰ ই অন্যতম এটি খাদ্য হিচাপে গণ্য কৰা হয় ।

নামনি অসমৰ ঘাইকৈ নলবাৰী, বৰপেটা, গোৱালপাৰা, কামৰূপ, দৰং, ধুবুৰী, চিৰাং, বাক্সা, বঙাইগাঁও, কোকৰাঝাৰ জিলাত বিশেষকৈ বোকা চাউলৰ খেতি কৰা হয় । প্ৰধানকৈ শালি ধান হিচাপে বোকা চাউলৰ খেতি কৰা হয় । এই খেতি জুন মাহত আৰম্ভ হয় আৰু ডিচেম্বৰ মাহলৈ এই ধান চপোৱা হয় । ১৭ শতিকাত মোগলৰ সৈতে যুঁজ দিয়া আহোম সৈন্যৰ বাবে ই আছিল দেহৰ বাবে এক শক্তিদায়ী ইন্ধন ।

এই অসমীয়া জলপানবিধ কেৱল দেখাতেই যে সুন্দৰ ,আদৰৰ চেনেহৰ বুলিয়েই নহয়, এই জলপান প্ৰচুৰ পুষ্টিগুণেৰে ভৰা । এইটো তথ্য দাঙি ধৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বায়টেক্নলজী বিভাগে । তেওঁলোকৰ গৱেষণাৰ মতে, কোমল চাউলত ১০.৭৩ শতাংশ ফাইবাৰ আৰু ৬.৪ শতাংশ প্ৰ’টিন থাকে আৰু এই ধানৰ প্ৰজাতিত মাত্ৰ ৪ পৰা ৫ শতাংশহে এমায়ল'জ থাকে, যাৰ কাৰণে এই জলপান খালে পেটটো লঘু হৈ থাকে ।

পানীত কোমল চাউল তিয়াই খালে আমাৰ শৰীৰে আমাৰ শৰীৰৰ বাবে লাগতিয়াল ভিটামিন, প্ৰ’টিন, কেলচিয়ামযুক্ত আদি পুষ্টিকৰ উপাদান লাভ কৰে । সেয়ে খেতি পথাৰত কাম কৰা কৃষকৰ বাবে ই এক শক্তিদায়ী খাদ্য বুলি কোৱা হয় । যাৰ বাবে ই প্ৰধান খাদ্য হিচাপে গণ্য কৰা হয় । সেয়ে এক প্ৰকাৰে ক’বলৈ গ’লে কোমল চাউল আমাৰ শৰীৰত শক্তিৰ যোগান ধৰাৰ বাবে এক অতি উত্তম খাদ্য ৷

লগতে পঢ়ক: আঠবিধকৈ নতুন সামগ্ৰীয়ে জি আই টেগ লাভ কৰা বতৰাত উৎফুল্লিত ভূমিপুত্ৰ বড়ো ৰাইজ - GI TAG

Last Updated : 2 hours ago
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.