thumbnail

জয়ন্ত বৰাক টিকট দিলে মুণ্ডন কৰিব জিলা সভাপতিয়ে

By ETV Bharat Assamese Team

Published : 4 hours ago

বিশ্বনাথ: বিহালী সমষ্টিত উপ-নিৰ্বাচনকলৈ তীব্ৰ সংঘাত সৃষ্টি হৈছে কংগ্ৰেছত । অসম সন্মিলিত মৰ্চাৰ প্ৰাৰ্থী কোন হ'ব সেই লৈ কংগ্ৰেছৰে আন দলকেইটাৰে বিৰোধ আৰম্ভ হোৱাৰ সময়তেই এইবাৰ জিলা কংগ্ৰেছেই সকীয়ালে দলীয় হাইকমাণ্ডক । প্ৰয়োজনত কৰিব মুণ্ডন ।  

বিজেপি দলে দিগন্ত ঘাটোৱাৰক টিকট প্ৰদান কৰা পিচতে বিৰোধী কংগ্ৰেছৰ মাজত দেখা দিছে তীব্ৰ সংঘাত । শেহতীয়াকৈ ৭৭ নং বিহালী বিধানসভাৰ আসনখন কংগ্ৰেছে চিপিআই (এমএল)ক এৰি নিদি নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি চৰ্চা চলিছে । সদ্য বিজেপি ত্যাগী জয়ন্ত বৰাক টিকট দিব বুলি চৰ্চা চলাৰ সময়তেই বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই দলৰ এই সিদ্ধান্তক তীব্র বিৰোধিতা কৰিছে  ৷

যদি কংগ্ৰেছে জয়ন্ত বৰাক টিকট দিয়ে তেন্তে জিলা সভাপতি দিলীপ বৰুৱাই মুণ্ডন কৰি প্ৰতিবাদ জনাই নিৰ্বাচনত সহযোগ নকৰে বুলি সকীয়াই দিছে । বিগত সময়ত কংগ্ৰেছ দলৰ বাবে পিতৃয়ে দুবছৰ জেল খাব লগা হৈছে বুলি উল্লেখ কৰি তেওঁ দল ত্য়াগ নকৰিলেও মুণ্ডন কৰিব বুলি এক সংবাদমেলযোগে দলীয় নেতৃত্বক সকীয়াই দিয়ে ।

লগতে পঢ়ক:বিহালীক লৈ বিৰোধী ঐক্যত আউল লগাৰ সম্ভাৱনা

চিপিআইএমলক বিহালী এৰি দিলে সমৰ্থন নকৰে স্থানীয় কংগ্ৰেছ নেতা-কৰ্মীয়ে !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.