thumbnail

চামগুৰিবাসীয়ে দীপ্লুৰঞ্জন শৰ্মাক জয়ী কৰাব: বিমল বড়া

By ETV Bharat Assamese Team

Published : 6 hours ago

যোৰহাট: মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি অধীনত যোৰহাট কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান চমুকৈ আই টি আইত চলি থকা তিনিদিনীয়া প্ৰশিক্ষণকেন্দ্ৰত সোমবাৰে উপস্থিত হয় অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বড়া । মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি বাবে নিৰ্বাচিত লোকসকলৰ লগত মত বিনিময়ো কৰে মন্ত্ৰী বিমল বড়াই ।

মন্ত্ৰী বড়াই কয় যে এই আঁচনিখন সফল ৰূপায়ণ বাবে নিৰ্বাচিত ব্যক্তিসকলে সফলভাৱে কাম কৰিব লাগিব, তেতিয়াহে অন্যসকলৰ বাবে বাট মুকলি হ'ব । তেওঁ নিৰ্বাচিত সকলো হিতাধিকাৰীক ন-চিন্তাৰে কাম কৰিবলৈ আহ্বান জনায় ।

আনহাতে পাঁচ সমষ্টিত উপ-নিৰ্বাচনৰ প্ৰসংগত বিমল বড়াই কয়, উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সপক্ষে জনসাধাৰণে জনাদেশ দিব আৰু ভোটাৰ ৰাইজে উপ-নিৰ্বাচনৰ জৰিয়তে পোনপটীয়াকৈ বৰ্তমানৰ চৰকাৰকলৈ প্ৰাৰ্থী নিৰ্বাচন কৰা সুযোগ পাইছে । লগতে চামগুৰি সমষ্টি উপ-নিৰ্বাচনৰ সন্দৰ্ভত মন্ত্ৰী বড়াই কয় যে ৰাইজে স্বজন-তোষণ, ধৰ্মান্তৰ আদিৰ বাবে দীৰ্ঘদিন ধৰি অসন্তুষ্টিত দিন পাৰ কৰিবলগীয়া হৈছিল আৰু এইবাৰ ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়াৰ আপেক্ষাত আছে সচেতন চামগুৰিবাসী । ফলত বিপুল ভোটত জয়ী হ’ব বিজেপি যুৱ নেতা দীপ্লুৰঞ্জন শৰ্মা  ।

লগতে পঢ়ক: কোন হ’ব বিহালীত সন্মিলিত মৰ্চাৰ প্ৰাৰ্থী: কংগ্ৰেছক দিনটোৰ সময়সীমা চি পি আই এম এলৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.