শিলচৰ: বিজেপিৰ পাছত এইবাৰ কংগ্ৰেছত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতক লৈ আৰম্ভ হৈছে বিদ্ৰোহ । কাছাৰ ধলাই সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছ দল ত্যাগ কৰিলে ধলাই কংগ্ৰেছৰ ১২ গৰাকী বিষয়ববীয়াই । জিলা কংগ্ৰেছৰ একাংশ নেতাই কংগ্ৰেছ দলক বিজেপিকৰণ কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপিত কৰি পদসহ দল ত্যাগ কৰিলে ধলাইৰ ১২ গৰাকী কংগ্ৰেছ নেতাই ।
পদত্যাগী নেতাসকলৰ অভিযোগ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত যি ধ্রুৱজ্যোতি পুৰকায়স্থই কংগ্ৰেছৰ বিৰোধিতা কৰি পৰিমল শুক্লবৈদ্যৰ হৈ কাম কৰিছিল সেই ধ্রুৱজ্যোতি পুৰকায়স্থক এইবাৰ ধলাই উপ-নিৰ্বাচনত কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । তাৰ কাৰণ এখন জিলা কংগ্ৰেছৰ একাংশই নেতাই বিজেপিৰ লগত মিলি উপ-নিৰ্বাচনত বিজেপিক জয়ী কৰোৱাৰ বাবেই ধ্রুৱজ্যোতি পুৰকায়স্থক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু এই বিষয়তে তেওঁলোক ক্ষুন্ন হৈ পদসহ দল ত্যাগ কৰা বুলি উল্লেখ কৰে ।
জিলা কংগ্ৰেছ সভাপতি অভিজিৎ পাল আৰু প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা শিলচৰ জিলা কংগ্ৰেছৰ ইনচাৰ্জ আনোৱাৰ হুছেইনে এইবাৰ উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থীক জয়ী কৰোৱাৰ বাবেই ধলাইত ধ্রুৱজ্যোতি পুৰকায়স্থক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বুলি অভিযোগ উত্থাপন কৰে ।
মঙলবাৰৰ দিনটোত পদ আৰু দল ত্যাগ কৰা ধলাইৰ নেতা কেইগৰাকী ক্ৰমে,
- শুভাশীষ দেৱ, সভাপতি ধলাই যুব কংগ্ৰেছ
- নাছিম উদ্দিন, জিলা কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক
- আবুল হুছেইন লস্কৰ, কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক
- আব্দুল ৰচিদ বৰভূঞা, কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক
- হৰি মোহন কৈৰী, OBC সভাপতি
- সুমা ৰাণী ৰায়, নৰসিংপুৰ ব্লক মহিলা কংগ্ৰেছ সভানেত্ৰী
- আমিৰ হুছেইন লস্কৰ, নৰসিংপুৰ ব্লক সংখ্যালঘু বিভাগৰ সভাপতি
- বাবুৰ উদ্দিন বৰভূঞা, নৰসিংপুৰ ব্লক সংখ্যালঘু বিভাগৰ উপ-সভাপতি
- দিলীপ কুমাৰ দুবী, প্ৰাক্তন এপি সদস্য
- নিৰ্মল বৰ্মন, ধলাই যুৱ কংগ্ৰেছ সম্পাদক
- ইমৰান হুছেইন, ধলাই যুৱ কংগ্ৰেছ সাধাৰণ সম্পাদক
- চেলিম উদ্দিন, সংখ্যালঘু সাধাৰণ সম্পাদক নৰসিংপুৰ ব্লক ।