ETV Bharat / politics

বিহালীত কোনে যুঁজিব বিজেপিৰে ? কংগ্ৰেছক বান্ধি দিলে সময়সীমা

বিহালী সমষ্টিক লৈ বিপাঙত অসম সন্মিলিত মৰ্চা । স্থিতি স্পষ্ট কৰা নাই কংগ্ৰেছে । অৱশেষত মৰ্চাই দলটোক বান্ধি দিলে সময়সীমা ।

Opposition Forum Assam set deadline to Congress on Behali Assembly seat
কংগ্ৰেছক বান্ধি দিলে সময়সীমা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

গুৱাহাটী: ১৩ নৱেম্বৰত ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি সাজু হৈছে ৰাজনৈতিক দলসমূহ । আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ । শাসকীয় বিজেপিৰ সমান্তৰালকৈ বহি থকা নাই ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছো । উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫ খন আসনৰ ৪ খন আসনত কংগ্ৰেছে নিজা প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে যদিও বৰ্তমানেও দোদুল্যমান স্থিতিত আছে বিহালী সমষ্টি ।

কিয়নো ৰাজ্যৰ প্ৰধান বিৰোধী দলসমূহক লৈ গঠন হোৱা সন্মিলিত মৰ্চাৰ প্ৰস্তাৱ আছিল যে এই উপ-নিৰ্বাচনত চি পি আই এম এলক এৰি দিয়া হ'ব সমষ্টিটো । আনহাতে বিহালী সমষ্টিটো সন্দৰ্ভত বিগত ১৮ অক্টোবৰত অনুষ্ঠিত হোৱা সন্মিলিত মৰ্চাৰ বৈঠকত অজিত ভূঞা, অখিল গগৈ, লুৰীণজ্যোতি গগৈ, সুপ্ৰকাশ তালুকদাৰ, জয়ৰাম কাথাৰক দায়িত্ব দি ৫ জনীয়া কমিটী এখন গঠন কৰা হৈছিল ।

কংগ্ৰেছক বান্ধি দিলে সময়সীমা (ETV Bharat Assam)

কিন্তু সেই ৫ জনীয়া কমিটীয়েও যেন কংগ্ৰেছ নেতৃত্বৰ সৈতে মিলি বিহালী সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই । যাৰবাবে মঙলবাৰে বিয়লি পুনৰ হোটেল লিলিত অসম সন্মিলিত মৰ্চাই জৰুৰী বৈঠক অনুষ্ঠিত কৰে । বৈঠকৰ অন্তত অসম সন্মিলিত মৰ্চাৰ ৫ জনীয়া সমিতিৰ সিদ্ধান্ত সন্দৰ্ভত ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাই প্ৰাৰ্থী সন্দৰ্ভত কংগ্ৰেছক স্থিতি স্পষ্ট কৰিবলৈ বান্ধি দিয়ে সময়সীমা ।

সংবাদমেল সম্বোধন কৰি সাংসদ ভূঞাই কয়, "বিৰোধী ঐক্যক শক্তিশালী কৰাৰ স্বাৰ্থত ৪ খন আসনত আমি কোনো প্ৰতিদ্বন্দিতা আগবঢ়োৱা নাই । আমি অপেক্ষা কৰি আছো তেওঁলোকৰ সিদ্ধান্ত আমাক জনাব আৰু সেই অনুসৰি আমি আগুৱাম । এই সন্দৰ্ভত জিতেন্দ্ৰ সিঙেও বিৰোধী ঐক্যৰ ওপৰতে গুৰুত্ব আৰোপ কৰিছে । সেয়ে তেওঁলোকৰ যি সিদ্ধান্ত সেই সিদ্ধান্ত কাইলৈ পুৱা ১০ বজাৰ ভিতৰত জনাব লাগে ।"

সাংসদ ভূঞাই লগতে কয়, "আমি এই কথা জিতেন্দ্ৰ সিঙকো অৱগত কৰিম । অলপ সোনকাল কৰিবৰ কাৰণে আমি দুবাৰকৈ ক'ব লগা হ'ল । দুয়োখন প্ৰতিবেদন সন্দৰ্ভত আমাৰ যি স্থিতি আছিল তাত আমি অটল হৈ আছোঁ । সেয়ে বিৰোধী ঐক্যৰ প্ৰতি সন্মান জনাই, এখন আসনৰ ক্ষেত্ৰত খুব বেছি জটিলতাৰ সৃষ্টি নকৰি কাইলৈ ১০ বজাৰ ভিতৰত এটা সিদ্ধান্ত যাতে আমাক জনাই তাৰ আহ্বান জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ ।"

লগতে পঢ়ক: উচ্ছেদৰ ভিডিঅ' প্ৰদৰ্শনেৰে ৰকিবুলৰ প্ৰচাৰ; পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়েই মূল ইছ্যু বিজেপিৰ

উপ-নিৰ্বাচনত অৱতীৰ্ণ নহয় এ আই ইউ ডি এফ দল, চামগুৰিতো নিদিয়ে প্ৰাৰ্থী

উপ-নিৰ্বাচনত বিজয়ী হোৱাৰ মানসেৰে মনোনয়ন পত্ৰ দাখিল ধলাইৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্রুৱজ্যোতি পুৰকায়স্থৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.