thumbnail

উপ-নিৰ্বাচনত পাঁচোটা সমষ্টিৰ পাঁচোটাতেই আমি জিকিম: কেশব মহন্ত

By ETV Bharat Assamese Team

Published : 6 hours ago

বৰপেটা: ৰাজ্যৰ পাচটা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনত শাসনাধিস্থ মিত্ৰজোটে আটাইকেইটা সমষ্টিতs জয়লাভ কৰিব বুলি আজি বৰপেটাত সাংবাদিকৰ আগত মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই । মন্ত্ৰীগৰাকীয়ে এইদৰেও কয় যে বঙাইগাঁৱত অসম গণ পৰিষদে এইবাৰো বিপুল ভোটত জয়লাভ কৰিব । মহন্তই কয় যে নিৰ্বাচনৰ সময়ত ক্ষোভ-অসন্তুষ্টি সৃষ্টি হোৱাটো স্বাভাৱিক আৰু তেনে সময়ত দলৰ পৰা কিছু লোকে পদত্যাগো কৰে । 

বঙাইগাঁৱতো একাংশই পদত্যাগ কৰিছে যদিও অসম গণ পৰিষদেই জয়লাভ কৰিব । কাৰণ বিগত ৩৮ বছৰে সমষ্টিটোত অসম গণ পৰিষদে জয়লাভ কৰি আহিছে ।‌ আনহাতে মিত্ৰজোটে উপ-নিৰ্বাচনত চামগুৰিতো জয়লাভ কৰিব বুলি মহন্তই দাবী কৰে । 

তেওঁ কয়- "চামগুৰিত ২০২১ চনত আমাৰ ভোটৰ ব্যৱধান আছিল প্ৰায় ২৬ হেজাৰ ৷ কিন্তু বিগত লোকসভা নিৰ্বাচনত আমাৰ ভোটৰ ব্যৱধান হয় প্ৰায় তিনি হাজাৰ চাৰিশ ৷ উপ নিৰ্বাচনত এই ব্যৱধান হ্ৰাস হব আৰু চামগুৰিতো আমাৰ মিত্ৰদলৰ প্ৰাৰ্থী জয়ী হব ৷ এতিয়া কংগ্ৰেছৰ কোনো স্থিতি নাই ৷ 

ভোটৰ যোগ-বিয়োগ কৰি কংগ্ৰেছৰ নেতৃত্বত মৰ্চা গঠন হৈছে ৷ এই মৰ্চাই আমাক একো কৰিব নোৱাৰে ৷" শাসকীয় মিত্ৰজোটক পৰাজিত কৰিব পৰাকৈ কংগ্ৰেছৰ ইমান শক্তি নাই বুলিও মন্ত্ৰী মহন্তই মন্তব্য কৰে।

লগতে পঢ়ক: প্ৰথমখন বি এছ চি নাৰ্ছিং মহাবিদ্যালয় উদ্বোধন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.