ETV Bharat / state

ৰাষ্ট্ৰীয় গণিত দিৱস 2024 : কেনেকৈ ৰসাল হৈ পৰিব জংক-পংক লগোৱা অংক বিষয়টো ? - NATIONAL MATHEMATICS DAY

গণিতৰ প্ৰতি ভয় কেনেকৈ আঁতৰিব ? নিৰস বিষয় গণিত কেনেকৈ ৰসাল কৰিব ?

National Mathematics Day 2024: Commemorating Importance Of Maths In Human Progress
ৰাষ্ট্ৰীয় গণিত দিৱসত গণিতৰ প্ৰাসংগিকতা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 22, 2024, 4:59 PM IST

ধেমাজি : আজি ৰাষ্ট্ৰীয় গণিত দিৱস । গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ জন্মদিনৰ উপলক্ষে আজি পালন কৰা হয় এই দিৱসটি । কিয়নো আমাৰ দৈনন্দিন জীৱনৰ লগতে ছাত্ৰ-ছাত্ৰীৰ জীৱন গণিত অবিহনেই অচল । কিন্তু গণিত বা অংক বুলি ক’লেই বহুতো ছাত্ৰ-ছাত্ৰীৰ মনলৈ আহে অহৈতুকী শংকা । দেখা যায় যে বিদ্যালয়ৰ পৰা মহাবিদ্যালয়কৈ খুব কম সংখ্যক ছাত্ৰ-ছাত্ৰীয়েহে অংক ভয় নকৰে ।

অংক বিষয়ত দুৰ্বল হোৱা বাবে বহুতো তুলনামূলক আন বহু বিষয়ত তুলনামূলকভাৱে ভাল প্ৰদৰ্শন দাঙি ধৰা মেধাৱী ছাত্ৰ-ছাত্ৰীয়েও শিক্ষাৰ জীৱনত ফলাফলৰ শতাংশৰ দিশত সন্তোষজনক নহয়গৈ । আনহাতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত কেৱল গণিতৰ বিষয়ত অহা নম্বৰকেইটাৰ বাবেই ছাত্ৰ-ছাত্ৰীয়ে কৃতকাৰ্য লাভ কৰাত হেঙাৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে ।

ৰাষ্ট্ৰীয় গণিত দিৱসত গণিতৰ প্ৰাসংগিকতা (ETV Bharat Assam)

সৰুৰে পৰা অংকৰ প্ৰাথমিক জ্ঞানখিনি আহৰণ কৰিবলৈ চেষ্টা নকৰি কেৱল জটিল বিষয় বুলি গুৰুত্ব নিদিয়াৰ ফলশ্ৰুতিত বহুত ছাত্ৰ-ছাত্ৰীয়ে অংকৰ লগত সম্পৰ্কিত চাকৰি জাতীয় সৰু সৰু পৰীক্ষাতে অনুত্তীৰ্ণ হৈ মূৰে কঁপালে হাত দিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হোৱাটোও প্ৰতিফলন ঘটিছে । সেয়ে এইক্ষেত্ৰত অংক বিষয়টো শিক্ষাৰ্থীৰ মাজত কেনেদৰে সৰুৰে পৰা মনোগ্ৰাহী কৰি জনপ্ৰিয় কৰা তুলিব পাৰি এই সম্পৰ্কত ধেমাজি এগৰাকী ঘৰুৱা গণিত শিক্ষক ৰণ্টু গগৈয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ।

গণিত দিৱসৰ দিনটোত তেওঁ কয়, “দৈনন্দিন জীৱনত গণিত অপৰিহাৰ্য অংগ । পুৱা শুই উঠাৰ পৰা বিচনালৈ যোৱালৈকে গণিত আমাক প্ৰয়োজন । কিন্তু বৰ্তমান দেখিছো যে গণিত বুলি ছাত্ৰ-ছাত্ৰীৰ মাজত ভয় ভাব আহে । শিক্ষক হিচাপে চাওঁ, শিক্ষক বা অভিভাৱকসকলে গণিত বুলি এটা ভয় সোমাৱাই দিয়ে । যাৰ ফলত পিছলৈ গণিত শিকিব নোৱাৰে । গণিত শিকিব হ’লে আমাক খুব অনুশীলনৰ দৰকাৰ । এগৰাকী ভাল খেলুৱৈয়ে অনুশীলন কৰা দৰে ।"

  • অভিভাৱক শিক্ষক আৰু দল-সংগঠনৰ ভূমিকা :

ঘৰুৱা শিক্ষক ৰণ্টু গগৈয়ে লগতে কয়, “গণিত শিকাৰ ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষ, অভিভাৱক আৰু দল-সংগঠনৰ ভূমিকা আছে । গণিত শিক্ষাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীক কেনেদৰে আগবঢ়াই নিব পাৰি তাৰ বাবে সমাজত সজাগতা সভা অনুষ্ঠিত কৰা, বিভিন্ন বিশেষজ্ঞক আনি অনুপ্ৰাণিত কৰি বিভিন্ন কাম ল'লে ছাত্ৰ-ছাত্ৰীসকল আগবাঢ়ি যাব পাৰিব ।’’ একেদৰে চৰকাৰী শিক্ষকসকলেও কেৱল ৪৫ মিনিট সময় বিদ্যালয়ত পাঠদান কৰিয়ে দায়িত্ব সামৰিব নালাগে বুলি মন্তব্য কৰে শিক্ষকগৰাকীয়ে ।

লগতে পঢ়ক: গোলাঘাটত গণশিল্পী সূৰ্য দাসলৈ শ্ৰদ্ধাঞ্জলি - SURYA DAS IS NO MORE

মহিলাৰ সুৰক্ষাৰ কথা বিজেপিৰ মুখত শোভা নাপায় : প্ৰদেশ কংগ্ৰেছ - APCC PRESS MEET

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.