ETV Bharat / state

মানস ৰাষ্ট্ৰীয় উদ্যানত এছিয়ান সোণালী মেকুৰী; গৱেষণাই কৰিছে নিশ্চিত

Manas National Park : প্ৰজাতিটোক আই ইউ চি এনৰ ৰঙা তালিকাত অন্তৰ্ভুক্ত কৰিছে । ভাৰতৰ বন্যপ্ৰাণী (সুৰক্ষা) আইনৰ অধীনত সুৰক্ষা প্ৰদান কৰা হৈছে ।

Manas National Park
মানস ৰাষ্ট্ৰীয় উদ্যানত এছিয়ান সোণালী মেকুৰী (Photo Credit Aranyak)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

গুৱাহাটী : বিজ্ঞানী আৰু সংৰক্ষণবিদৰ এটা দলে মানস ৰাষ্ট্ৰীয় উদ্যানত এছিয়ান সোণালী মেকুৰীৰ (Catopuma temminckii) অস্তিত্ব পুনৰ নিশ্চিত কৰিছে ।

এছিয়ান সোণালী মেকুৰী হৈছে উত্তৰ-পূব ভাৰত উপমহাদেশ, দক্ষিণ-পূব এছিয়া আৰু দক্ষিণ চীনত বিস্তৃত হৈ থকা এক মজলীয়া আকাৰৰ মেকুৰী প্ৰজাতিৰ স্তন্যপায়ী বা বন মেকুৰী । 'ইণ্টাৰনেচনেল ইউনিয়ন ফৰ কনজাৰ্ভেচন অব নেচাৰ'-এ (International Union for Conservation of nature, IUCN) এই প্ৰজাতিটোক আই ইউ চি এনৰ ৰঙা তালিকাত (IUCN Red List) 'অস্তিত্বৰ প্ৰতি ভাবুকি সম্পন্ন' (Near Threatened) হিচাপে অন্তৰ্ভুক্ত কৰিছে । আনহাতে, এই প্ৰাণীবিধক ভাৰতৰ বন্যপ্ৰাণী (সুৰক্ষা) আইন, 1972-ৰ অনুসূচী 1-ৰ অধীনত সুৰক্ষিত কৰা হৈছে ।

আৰণ্যকৰ বিজ্ঞানী ডঃ এম ফিৰোজ আহমেদে মঙলবাৰে কয় যে অসম বন বিভাগৰ বিশেষজ্ঞৰ এটা দল, আৰণ্যকৰ সংৰক্ষণবিদসকলৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ আন কেইবাজনো সংৰক্ষণবিদে প্ৰজাতিটোৰ অস্তিত্ব সম্পৰ্কে পুনৰ নিশ্চিত হৈছে ।

২০০৭ চনত কৰা পোনপটীয়া দৃশ্যগ্ৰহণৰ ওপৰত ভিত্তি কৰি অঞ্চলটোত এই প্ৰজাতিটো থকাৰ সম্ভাৱনা ব্যক্ত কৰা সত্ত্বেও ২০১১ চনৰ পৰা ২০১৮ চনৰ ভিতৰত এই আঠ বছৰত ৩৯,৭০০ ট্ৰেপ-দিনৰ এক নিৰন্তৰ বাৰ্ষিক প্ৰণালীবদ্ধ কেমেৰা ট্ৰেপিং প্ৰচেষ্টায়ো কিন্তু ইয়াৰ উপস্থিতিৰ কোনো ৰেকৰ্ড লাভ কৰা নাছিল । তেওঁ কয় যে এই গৱেষণাৰ পৰা উপলব্ধ তথ্য ২০২৪ চনৰ গ্ৰীষ্মকালত আই ইউ চি এন প্ৰজাতি জীৱন ৰক্ষা আয়োগৰ 'CATNews' সংস্কৰণত প্ৰকাশিত হৈছিল, যিটো হৈছে আই ইউ চি এন প্ৰজাতি জীৱন ৰক্ষা আয়োগৰ পাঁচটা উপাদানৰ এটা ।

এই গৱেষণা-পত্ৰখনৰ অন্যতম মুখ্য লেখক ডঃ এম ফিৰোজ আহমেদে কয় যে ২০১৯ চনৰ ডিচেম্বৰ আৰু ২০২১ চনৰ জানুৱাৰীত অসম বন বিভাগ, আৰণ্যক আৰু পেন্থেৰাৰ কেমেৰা ট্ৰেপিং প্ৰচেষ্টাৰ পিচত প্ৰজাতিটোৰ দুখন ফটো বন্দী কৰা হৈছিল । মানস ৰাষ্ট্ৰীয় উদ্যানত জাতিগত ৰাজনৈতিক সংঘৰ্ষৰ অৱসানৰ পিচত উদ্যানখনত ইয়াৰ উপস্থিতি পুনৰ নিশ্চিত কৰা হৈছিল ।

উল্লেখ্য যে এছিয়ান সোণালী মেকুৰী বিভিন্ন বাসস্থানত বিস্তৃত হৈ থকা বুলি জনা যায় । ইয়াৰ ভিতৰত আছে 0 মিটাৰৰ পৰা 3,738 মিটাৰ উচ্চতালৈকে ভিন্ন শুকান পৰ্ণপাতী অৰণ্য, উপ-ক্ৰান্তীয় চিৰসেউজ অৰণ্য, ক্ৰান্তীয় বৰ্ষাৰণ্য, নাতিশীতোষ্ণ আৰু উপ-আলপাইন অৰণ্য ।

আনহাতে, উত্তৰ-পূব ভাৰতত এই প্ৰজাতিটো ছিকিমৰ খাংচেণ্ডজোঙ্গা জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল, উত্তৰ-বংগৰ বাক্সা ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল, নংখিলেম বন্যপ্ৰাণী অভয়াৰণ্য, মেঘালয়ৰ পূব গাৰো পাহাৰ, দক্ষিণ গাৰো পাহাৰ আৰু জয়ন্তীয়া পাহাৰ, মিজোৰামৰ ডাম্ফা ব্যাঘ্ৰ সংৰক্ষণ, নামদফা ব্যাঘ্ৰ সংৰক্ষণ, কামলাং ব্যাঘ্ৰ সংৰক্ষণ, দিবাং উপত্যকা, পাক্কে ব্যাঘ্ৰ সংৰক্ষণ, অৰুণাচলৰ ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য, চিংচুং-বুগুনভিচিআৰ আৰু টালে-ভেলী বন্যপ্ৰাণী অভয়াৰণ্য, নাগালেণ্ডৰ ইণ্টাঙ্কি ৰাষ্ট্ৰীয় উদ্যান আৰু অন্যান্য বনাঞ্চলত থকাটো নথিভুক্ত কৰা হৈছে ।

এই প্ৰজাতিটো ভূটানৰ কেইবাখনো সংৰক্ষিত বনাঞ্চলতো পোৱা গৈছে বুলি বিশেষজ্ঞসকলে কয় । আৰণ্যকৰ বিজ্ঞানী আহমেদৰ উপৰি জ্যেষ্ঠ সংৰক্ষণ জীৱবিজ্ঞানী ডঃ দীপাংকৰ লহকৰৰ লগতে সংৰক্ষণবিদ অমল চন্দ্ৰ শৰ্মা, ডঃ ৰেমি এইচ বেগম, অপৰাজিতা সিং, নিবিৰ মেধি, নিতুল কলিতা, সুনীত কুমাৰ দাস আৰু ডঃ অভিষেক হৰিহৰে এই সন্দৰ্ভত গৱেষণা অনুসন্ধানত অৰিহণা আগবঢ়ায় ।

লগতে পঢ়ক :উৰণ সেতু বনাম গ্ৰন্থমেলা: ক’ত হ’ব অসম গ্ৰন্থমেলা ? চানমাৰী নে খানাপাৰাত ?
লগতে পঢ়ক :জৰীপ নোহোৱাকৈ থকা এন চি গাঁৱৰ বাসিন্দাই লাভ কৰিব ভূমিৰ পট্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.