thumbnail

By

Published : Jan 2, 2022, 9:02 AM IST

ETV Bharat / Videos

First day of 2022 : নৱবৰ্ষৰ পহিলা দিনটোত পিকনিকৰ পৰিবৰ্তে নামঘৰলৈ নৱপ্ৰজন্ম

আজিৰ যুৱ প্ৰজন্ম উশৃংখল বুলি সততে সমালোচনাৰ সন্মুখীন হোৱা সামাজিক মাধ্যমত পৰিলক্ষিত হয় ৷ তেনে সময়তে একাংশ যুৱ প্ৰজন্মই নৱবৰ্ষ বুলি পিকনিকস্থলীত ভিৰ কৰাৰ পৰিৱৰ্তে নামঘৰলৈ ধাৱমান হোৱাও দেখা গৈছে ৷ 2022 চনৰ নৱবৰ্ষৰ পহিলা দিনটোত (First day of 2022) পুৱাৰে পৰা ভক্তৰ যথেষ্ট ভিৰ পৰিলক্ষিত হয় ৰাজ্যৰ বিভিন্ন মঠ-মন্দিৰসমূহত ৷ টীয়কৰ মাধৱদেৱ স্থাপিত ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰতো শনিবাৰে দেখা যায় ভক্তৰ অভূতপূৰ্ব ভিৰ ৷ নতুন বছৰটো যাতে সকলোৰে কুশলে যায়, তাৰ কামনাৰে বৰ নামঘৰলৈ হাতে হাতে ধূপ-নৈবেদ্য, চাকি-শৰাই লৈ আহি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই (Devotees throng places of worship at Dhekiakhua Bor namghar) প্ৰত্যেকে । ইয়ে অনাগত দিনত যুৱ প্ৰজন্মক জীৱনযাত্ৰাত সঠিক বাট প্ৰদৰ্শনত সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰিছে সচেতন মহলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.