thumbnail

By

Published : Sep 19, 2021, 10:09 PM IST

ETV Bharat / Videos

জয়পুৰ দিঘলীঘাটত বুঢ়ীদিহিং নৈত মৃত হাতী উদ্ধাৰ

নাহৰকটীয়াৰ জয়পুৰস্থিত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি বৈ যোৱা বুঢ়ীদিহিং নৈত উদ্ধাৰ হৈছে এটা মৃত হাতী ৷ জয়পুৰৰ বন বিভাগে উদ্ধাৰ কৰে এই মৃত হাতীটো ৷ জানিব পৰা মতে শনিবাৰে স্থানীয় কেইজনমান যুৱকে জয়পুৰ দিঘলীঘাট অঞ্চলত মৃত হাতীটো বুঢ়ীদিহিং নৈত উপঙি থকা প্ৰত্যক্ষ কৰি জয়পুৰ বন বিভাগক খবৰ দিয়াত ঘটনাস্থলীত বনকৰ্মী দল উপস্থিত হৈ মৃত হাতীটো উদ্ধাৰ কৰে ৷ ইফালে চিকিৎসকৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ হাতীটোৰ মৰোণোত্তৰ পৰীক্ষাৰ কামকাজ আৰম্ভ কৰে যদিও হাতীটোৰ দেহত কোনোধৰণৰ আঘাতৰ চিন নথকাত ওখ পাহাৰৰ পৰা পিছলি নৈত পৰাত শিলত আঘাতপ্ৰাপ্ত হৈ হাতীটো মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ বন বিভাগে এই মতা হাতীটোৰ বয়স আনুমানিক 12-15 বছৰ হ'ব বুলি প্ৰকাশ কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.