আজিৰে পৰা শোণিতপুৰত কৰ’ণা প্রতিষেধকৰ সম্পৰীক্ষা আৰম্ভ

By

Published : Dec 28, 2020, 12:52 PM IST

thumbnail
সমগ্ৰ দেশৰ চাৰিখন ৰাজ্যৰ ভিতৰত অসমতো সোমবাৰৰ পৰা কোভিড ১৯ ৰ প্রতিষেধকৰ সম্পৰীক্ষা আৰম্ভ কৰা হৈছে ৷ ৰাজ্যৰ মাত্ৰ দুখন জিলা এই সম্পৰীক্ষা অৰ্থাৎ ড্ৰাই ৰাণৰ বাবে নিৰ্বাচন কৰা হৈছে ৷ সেই অনুসৰি,সোমবাৰ আৰু মঙলবাৰে শোণিতপুৰ আৰু নলবাৰী জিলাত এই পৰীক্ষণমূলক কাৰ্য সম্পন্ন কৰা হ’ব ৷ উল্লেখ্য যে,শোণিতপুৰৰ 5 টা স্বাস্থ্যকেন্দ্ৰৰ ভিতৰত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল,তেজপুৰ নগৰীয়া স্বাস্থ্যকেন্দ্ৰ,টাইম হাস্পতাল, ঢেকীয়াজুলি চিএছচি আৰু 2নং ৰঙাগৰা এইচ ডব্লু চিত এই অনুশীলন সোমবাৰৰ পৰা আৰম্ভ হয় । 29 ডিচেম্বৰত এই প্রতিষেধক তেজপুৰৰ 25 গৰাকী চিকিৎসাকৰ্মীক প্ৰদান কৰা হ’ব ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.