নৱবৰ্ষৰ প্ৰাকক্ষণত কঠোৰ হৈছে চিৰাং জিলা প্ৰশাসন

By

Published : Dec 29, 2021, 10:47 PM IST

thumbnail

নৱবৰ্ষ উদযাপনৰ সময়ছোৱাত পথ দুৰ্ঘটনাত কোনো লোকে যাতে প্ৰাণ হেৰুৱাব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ নিৰ্দেশ জাৰি কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে (Guidelines to celebrate New Year) ৷ মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশ আখৰে আখৰে পালন কৰিছে প্ৰতিখন জিলাৰ আৰক্ষী প্ৰশাসনে (Chirang police strict on drink and drive) ৷ চিৰাং জিলাৰ আৰক্ষী অধীক্ষকে বিতং কৈ জনায় যে মদ্যপান কৰি গাড়ী চলালে ভৰিব লাগিব দহ হেজাৰ টকাকৈ জৰিমনা ৷ ছমাহ পৰ্যন্ত জেল হোৱাৰ লগতে বাতিল হ’ব চালকৰ ড্ৰাইভিং লাইচেঞ্চ ৷ দুচকীয়া বাহনত আৰোহী চালক উভয়ে পিন্ধিব লাগিব হেলমেট ৷ অন্যথা ভৰিব লাগিব দুহেজাৰ টকাকৈ জৰিমনা ৷ নৱবৰ্ষ উপলক্ষে সমাগম হোৱা বনভোজস্থলী সমূহতো দৃষ্টি নিক্ষেপ কৰিছে চিৰাং জিলা আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.