পেটৰ তাড়নাত বিপদসংকুল জীৱন সংগ্ৰাম এজাক শিশুৰ

By

Published : Aug 4, 2021, 7:46 PM IST

thumbnail
জুৰীয়া সুঁতিৰপাৰৰ বৰলুইতত নাৱেৰে বিপদ সংকুল যাত্ৰা এজাক কণমানিৰ ৷ সুঁতিৰপাৰৰ চিতলমাৰী পথাৰত কণ কণ শিশুৱে নাৱেৰে পাৰ কৰাইছে চৰ-চাপৰিৰ যাত্ৰীক ৷ নিতৌ কেইবাটাও শিশুৱে পাৰ কৰাইছে শতাধিক যাত্ৰীক । লুইতৰ বুকুত বিপদসংকুল নাও যাত্ৰাৰ বিনিময়ত শিশু কেইটাই চৰ-চাপৰিৰ লোকসকলৰ পৰা সংগ্ৰহ কৰিছে গাইপতি 5 টকাৰ পৰা 10 টকা পৰ্যন্ত । পেটৰ তাড়নাত 7-8 গৰাকী যাত্ৰীক উঠাই টুলুং-ভুটুংকৈ শিশুসকলে লুইতৰ বুকুৱেদি পাৰ কৰিছে নাও । বাৰিষাৰ ভৰা লুইতত শিশুসকলে সামান্য ধনৰ বাবে এই বিপজ্জনক কাৰ্য অব্যাহত ৰখাৰ পাচতো ৰাজ্যৰ জলপৰিবহন বিভাগ অথবা জুৰীয়াৰ স্থানীয় প্ৰশাসনে ৰহসজনকভাৱে চকু মুদা কুলিৰ ভাও ধৰা পৰিলক্ষিত হৈছে । যিকোনো মুহূৰ্তত সংঘটিত হ’ব পাৰে নাও দুৰ্ঘটনা ৷ ইয়াকে লৈ চিন্তিত হৈ পৰিছে সচেতন ৰাইজ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.