thumbnail

By

Published : Nov 23, 2020, 9:30 PM IST

ETV Bharat / Videos

মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পাছতেই মই তেওঁৰ আশীৰ্বাদ বিচৰিছিলো : সৰ্বানন্দ সোণোৱাল

মৃত্যুৰে হাৰ মানিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ সকলো কাৰ্যসূচী বাতিল কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ পূৰ্বতে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰে হোৱা বাৰ্তালাপৰ কথা সোঁৱৰণ কৰি আৱেগিক মুখ্যমন্ত্ৰী সোণোৱাল ৷ তিনিদিনীয়া ৰাজ্যিক শোক পালন কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰী সোণোৱালৰ ৷ জানিব পৰা মতে ৰাষ্ট্ৰীয় মৰ্যদাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ'ব ৷ সোমবাৰে নিশাটো জি এম চিত ৰখা হ'ব প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ নশ্বৰ দেহ ৷ মঙলবাৰে পুৱা ৯ বজাত তেওঁৰ দিছপুৰৰ চৰকাৰী বাসগৃহলৈ লৈ যোৱাৰ পাছত জনতা ভৱন, অসম বিধানসভা আৰু বিয়লি 4 বজাত প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনলৈ নিয়া হ'ব তেখেতৰ নশ্বৰ দেহ ৷ নিশা ৰাজীৱ ভৱনৰ পৰা কলাক্ষেত্ৰলৈ নি 25 নৱেম্বৰত কলাক্ষেত্ৰত ৰখাৰ পাছত 26 নৱেম্বৰত কলাক্ষেত্ৰৰ পৰা তেখেতৰ অন্তিম যাত্ৰা আৰম্ভ হ'ব । উক্ত যাত্ৰাত বিভিন্ন মন্দিৰ, মছজিদ, গীৰ্জা, নামঘৰ আদিত প্ৰৱেশ কৰা হ'ব বুলিও জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.