thumbnail

নলবাৰীত মথাউৰি ছিগি 81 খনকৈ গাঁও প্লাৱিত

By

Published : Jul 14, 2019, 10:05 AM IST

সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীতো বানৰ বিভীষিকা ৷ বুৰ গ'ল 81 খনকৈ গাঁও ৷ 37,044 গৰাকীকৈ লোক বানৰ কবলত পৰাৰ লগতে 2,867 হেক্টৰ খেতিপথাৰ প্ৰায় নষ্ট হৈছে ৷ ইয়াৰোপৰি, হাজাৰ হাজাৰ পশুধনৰো অনিষ্ট সাধন হৈছে ৷ উত্তৰ আমনিত বুঢ়াদিয়া নৈৰ মাথাউৰি ছিগি যোৱাত টিহুৰ দক্ষিন ভোজকুছি অঞ্চলটো বানৰ বিভীষিকাই দেখা দিছে ৷ বুঢ়াদিয়া নৈৰ বাঢ়নী পানীয়ে লখোপুৰ আৰু গান্ধিবস্তি অঞ্চলৰ মথাউৰি ভাঙি নিয়াৰ ফলত প্লাৱিত হ'ল কেইবাখনো গাওঁ । ৰাইজে অভিযোগ কৰা অনুসৰি, এই হাহাকাৰ পৰিস্থিতিৰ মাজতো জনপ্ৰতিনিধিয়ে খবৰ লোৱা নাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.