thumbnail

By

Published : Jul 24, 2021, 8:50 PM IST

ETV Bharat / Videos

বাঢ়নি পানীত উটি গ’ল পুঠী নৈৰ ৰিং বান্ধ

টীয়ক ৰাজহ চক্ৰৰ (Teok Revenue Circle) অধীনৰ বলমাৰ পুঠী নৈত নিৰ্মিত ৰিং বান্ধটো বাঢ়নি পানীয়ে উটুৱাই নিয়ে ৷ যাৰ ফলত কেইবাখনো ৰাজহ গাঁৱৰ লগতে কৃষিভূমি প্লাবিত হৈ পৰে । স্থানীয় ৰাইজৰ মতে, প্ৰতিবছৰে উক্ত অঞ্চলৰ ৰিং বান্ধটো পঞ্চায়তৰ নূন্যতম পুঁজিৰে মেৰামতি কৰি আহিছে যদিও ৰিং বান্ধটো ভালদৰে মেৰামতি কৰিবলৈ সক্ষম হোৱা নাই গাঁও পঞ্চায়তে ৷ সেয়ে জলসম্পদ বিভাগক (Water Resource Department) উক্ত ৰিংবান্ধটো ভালদৰে মেৰামতি কৰিবলৈ আহ্বান জনাই গাঁওবাসীয়ে । গাঁওবাসীৰ অভিযোগ, ৰিং বান্ধৰ তলেদি পানী যোৱাৰ বাবে গাঁৱৰে এজন ব্যক্তিয়ে এটা নলা খান্দি দিয়ে ৷ যাৰ ফলত ৰিং বান্ধটোত পানী সোমাই আৰু বান্ধটোৰ এটা অংশ পুঠী নৈয়ে চিঙি পেলায় ৷ সেয়ে উক্ত ব্যক্তি গৰাকীৰ বিৰুদ্ধে উপযুক্ত তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনায় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.